NORTHEAST NOW (Assamese)

টাটা ইলেক্ট্ৰনিকছ কাৰখানাত অগ্নিকাণ্ড! ১৫০০ কৰ্মচাৰীক ক্ষীপ্ৰতাৰে উদ্ধাৰ

September 28, 2024 3:03 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

তামিলনাডুৰ হোছুৰৰ টাটা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে পুৱা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে কাৰখানাটো ক্ষীপ্ৰতাৰে খালী কৰা হয়। প্ৰায় দুডজন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা আৰম্ভ কৰে।

আৰক্ষীৰ মতে, টাটা ইলেক্ট্ৰনিকছ কাৰখানাৰ মোবাইল ফোন উৎপাদন বিভাগত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। পিছলৈ ই কাৰখানাৰ আন আন অংশলৈও বিয়পি পৰে। নিশা ১১:৩০ বজালৈকে সম্পূৰ্ণ নিয়ন্ত্ৰিত নহ’ল অগ্নিকাণ্ড। যদিও কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই, অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা কোটি টকাৰ ক্ষয়-ক্ষতি বুলি অনুমান কৰিছে।

টাটা ইলেক্ট্ৰনিকছৰ এক বিবৃতি অনুসৰি কাৰখানাটোত ১৫০০ কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয়। ‘জৰুৰীকালীন সুৰক্ষা নিয়ম’ মানি চলি আটাইকে নিৰাপদে উলিয়াই অনা হয়। প্ৰথম অৱস্থাত প্ৰশিক্ষিত লোকে জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। কিছু মুহূৰ্তৰ ভিতৰতে উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। টাটা ইলেক্ট্ৰনিকছৰ এগৰাকী মুখপাত্ৰই ঘোষণা কৰে যে আমি আমাৰ কৰ্মচাৰী আৰু অন্যান্য অংশীদাৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম।

Related News