মাত্ৰ ২১,০০০ টকাত আপোনাৰ ঘৰলৈ আহিব সাজু হৈছে টাটাৰ নতুন বাহন Tata Altroz

TATA Altroz

টাটাৰ নতুন বাহনখন

টাটা ম’টৰছে গাড়ী বজাৰত মুকলি কৰি দিছে প্ৰতিষ্ঠানটোৰ নতুন বাহন Tata Altroz।

নতুন কৈ বজাৰলৈ অহা টাটাৰ বাহনখনৰ দিল্লীত প্ৰাৰম্ভিক মূল্য হৈছে ৫.২৯ লাখ।

Tata Altroz-ৰ টপ মডেলৰ বাহনখনৰ মূল্য হৈছে ৯.৩৯ লাখ টকা।

টাটা ম’টৰছে বিগত বৰ্ষৰ ৩ ডিচেম্বৰত Tata Altroz মুকলি কৰিছিল আৰু ইয়াৰ পাছতে Tata Altroz-য়ে সুৰক্ষাৰ দিশৰ পৰা ৫ ষ্টাৰ ৰেটিংছ লাভ কৰিবলৈ সক্ষম হৈছিল।

এই সুৰক্ষা ৰেটিংছৰ পাছতে Tata Altroz সুৰক্ষাৰ দিশৰ পৰা টাটাৰ দ্বিতীয়খন শ্ৰেষ্ঠ বাহন হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে টাটা নেক্সনেও ৫ ষ্টাৰ ৰেটিংছ লাভ কৰিছিল। টাটা নেক্সনে ২০১৮  চনত গাড়ী বজাৰত ভূমুকি মাৰিছিল।

নতুনকৈ বজাৰলৈ অহা Tata Altroz বাহনখন ডিজেন আৰু পেট্ৰ’ল দুয়োটা সংস্কৰণতে উপলব্ধ হ’ব।

পেট্ৰ’ল চালিত Tata Altroz-ৰ এক্স ই-৫,২৯,০০০, এক্স এম-৬,১৫,০০০, এক্স টি-৬,৮৪,০০০, এক্স জেদ-৭,৪৪,০০০ আৰু এক্স ডেজ(অ’)-৭,৬৯,০০০ টকাত উপলব্ধ হ’ব।

আনহাতে, ডিজেল চালিত বিভিন্ন মডেলৰ মূল্য হৈছে ক্ৰমে এনেধৰণৰ-৬,৯৯,০০০ টকা, ৭,৭৫,০০০ টকা, ৮,৪৪,০০০ টকা, ৯,০৪,০০০ টকা আৰু ৯,২৯,০০০ টকা।

মাত্ৰ ২১ হাজাৰ টকাৰ পৰা Tata Altroz-ৰ প্ৰি বুকিং আৰম্ভ হৈছে। ইয়াৰ বাবে গ্ৰাহক সকলে ইয়াত উল্লেখ কৰা লিংকটোলৈ গৈ সবিশেষ জানিব পাৰিব-https://bookonline.tatamotors.com/altroz/#/variant।

সুৰক্ষাৰ দিশৰ ফালৰ পৰা ৫ ষ্টাৰ ৰেটিংছ প্ৰাপ্ত টাটাৰ নতুন বাহনখনে মাইলেজ আৰু আকৰ্ষণীয় ডিজাইনৰ ফালৰ পৰাও গ্ৰাহকক সন্তুষ্ট কৰিব পাৰিব বুলি প্ৰতিষ্ঠানটোৱে আশা ব্যক্ত কৰিছে।