বজাৰলৈ আহি আছে TATA Motorsৰ নতুন কাৰ Altroz; চাওক সৱিশেষ

tata_altroz_photo_google__1559210820 2

টাটাৰ বজাৰলৈ আহিবলগীয়া Altroz কাৰ।

টাটা মটৰ্ছে (TATA Motors) ডিচেম্বৰ মাহত তেওঁলোকৰ নতুন কাৰ অলট্ৰ’জ (Altroz) প্ৰদৰ্শন কৰিব আৰু ইয়াৰ পাছতে জানুৱাৰিত মুকলি কৰিব।

যোৱা বছৰ কোম্পানীটোৱে ইয়াৰ মাজতে হেৰিয়ৰ এছ য়ু ভি মুকলি কৰিছিল। Cardekho.com অনুসৰি অলট্ৰ’জ হ’ব টাটাৰ প্ৰথম প্ৰিমিয়াম হেছবেক কাৰ।

টাটাৰ এই গাড়ীখনৰ প্ৰতিযোগিতা মাৰুতি চুজুকি বলেন’, হোণ্ডা জ’জ, ফক্সৱাগান প’লো আৰু হুণ্ডাই এলিট আই২০ৰ সৈতে হ’ব।

টাটা মটৰ্ছে এইবছৰ জেনেভা মটৰ শ্ব’ত অলট্ৰ’জৰ প্ৰদৰ্শন কৰিছিল। কোম্পানীয়ে ইয়াক “জেনেভা এডিশ্যন’ বুলি কৈছিল।

অৱশ্যে, ভাৰতত মুকলি হ’বলগীয়া অলট্ৰ’জ ইয়াৰ জেনেভা এডিশ্যনতকৈ কিছু পৃথক হ’ব।

অলট্ৰ’জৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত পেট্ৰ’ল আৰু ডিজেল দুয়োটা ইঞ্জিনৰে অপশ্যন থাকিব। ইয়াত টাটা নেক্সনৰ দৰে ১.২ লিটাৰ টাৰ্বো পেট্ৰ’ল, ১.৪ লিটাৰ ডিজেল আৰু টিয়াগ’ৰ দৰে ১.২ লিটাৰ নেশ্যাৰেল এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে,অলট্ৰ’জত এই ইঞ্জিনক পৃথক পাৱাৰ/টাৰ্ক আউটপুটৰ সৈতে আগবঢ়োৱা হ’ব পাৰে। লগতে এই ইঞ্জিনক বিএএছ৬ নিৰ্গমন নৰ্মছৰ ভিত্তিত আপগ্ৰেড কৰা হৈছে।

টাটা অলট্ৰ’জৰ জেনেভা এডিশ্যনত মেন্যুৱেল গিয়েৰবক্স দিয়া হৈছিল। কিন্তু ইয়াক এ এম টি (অটোমেটিক মেন্যুৱেল ট্ৰান্সমিশ্যন)ৰ সৈতেও ব্যৱহাৰ কৰিব পৰা যায়।

টাটাৰ এই শীঘ্ৰেই মুকলি হ’বলগীয়া কাৰখন হেছবেক ডুয়েল কালাৰ ডেছবৰ্ড, টাচস্ক্ৰীণ ইনফোটেনমেন্ট চিষ্টেম, অটোমেটিক এ চি, ৰিয়ৰ এ চি ৱেন্ট, ক্ৰুজ কন্ট্ৰ’ল আৰু ষ্টিয়েৰিং মাউন্টেড অডিঅ’ৰ কন্ট্ৰ’লৰ দৰে ফিচাৰ্ছৰ সৈতে মুকলি কৰা হ’ব।

কাৰখনৰ দাম ৫.৫ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত হোৱাৰ আশা কৰা হৈছে। সেয়া হ’লে অলট্ৰ’জ শাৰীৰ আন কাৰ’ৰ বাবে ই তীব্ৰ প্ৰত্যাহ্বান হৈ পৰিব।