• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একাপ চাহ কিমান বিষাক্ত হ’ব পাৰে? সাৱধান, আপোনাৰ অলক্ষিতে আহিব পাৰে বিপদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2019 11:23 am
tea-bag-dunk-650325tt

প্ৰতিনিধিত্বমূলক ফটো

10.9k
VIEWS
Share on FacebookShare on Twitter

সদাব্যস্ত জীৱনত চাহ একাপ বনাই খাবলৈ হয়তো আপুনি এলাহ কৰিব পাৰে। সময় বচাবলৈ বা ৰাতিপুৱা দৌৰাদৌৰিৰ বাবে টি বেগকেই হয়তো আপুনি অধিক উপযোগী বিবেচনা কৰিব পাৰে।

কিয়নো অকমান গৰম পানীত টি বেগটো ডুবাই দিলেই আপোনাৰ চাহ সাজু হৈ উঠে। চাহৰ ৰং উঠাৰ সময়খিনিতে আপোনাৰ চাহ কাপ সাজু হৈ পৰে।

এনে একাপ চাহ খাই আপুনি হয়তো ভাবিবলৈ আহৰিয়েই নাপায় যে আপুনি প্ৰকৃততে চাহ কাপৰ সৈতে কি বিষাক্ত বস্তু সেৱন কৰিলে।

আপোনাৰ যদি এইটো দৈনন্দিন অভ্যাসত পৰিণত হৈছে তেতিয়াহ’লে সাৱধান হওক। টি বেগৰ জৰিতে আপোনাৰ অলক্ষিতে পেটত সোমাইছে বহু প্লাষ্টিক কণা।

কানাডাৰ মন্ট্ৰিল মেকগিল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে গৰম পানীত টি বেগ ডুবালে তাৰ পৰা লাখ লাখ প্লাষ্টিকৰ কণা বাহিৰ হয় যিটো চাহ খাওতে শৰীৰত প্ৰৱেশ কৰে।

গৰম পানীৰ তাপমাত্ৰাত প্লাষ্টিক কণাবোৰ অধিক সক্ৰিয় হৈ পৰে। মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চাৰি ধৰণৰ টি বেগ পৰীক্ষা কৰি চাইছিল। প্ৰতিটো টি বেগতেই তেওঁলোকে প্লাষ্টিকৰ উপস্থিতি বিচাৰি পাইছে।

আমেৰিকাৰ কেমিকেল ছচাইটিৰ প্ৰকাশিত জাৰ্ণেল ‘এনভাইৰনমেন্টেল ছায়েন্স এণ্ড টেকন’লজি’ত গৱেষণাৰ সৱিশেষ প্ৰকাশিত হৈছে।

images
বিষাক্ত টি বেগ।

কিন্তু টি বেগৰ ওপৰত গৱেষণা কৰাৰ আঁৰত আছে এক অন্য কাহিনী।

কেইবছৰ আগতে নিশা কামলৈ যোৱাৰ সময়ত কানাডাৰ এগৰাকী মহিলা নাটালি টুফেনকজিয়ে পথৰ দাঁতিৰ এখন কাফেত একাপ চাহ খাবলৈ লয়। তাত তেওঁক টি বেগৰ সৈতে চাহ কাপ দিয়া হৈছিল।

চাহত সোহা মৰাৰ লগে লগে তেওঁৰ বগা বগা কিছুমান গুৰি ভাহি উঠা চকুত পৰিল। প্ৰথমতে একো ধৰিব নোৱাৰিলেও পেশাত এগৰাকী কেমিকেল ইঞ্জিনিয়াৰ নাটালিয়ে  বুজিব পাৰিল যে সেইবোৰ হৈছে প্লাষ্টিকৰ ক্ষদ্ৰ কণাহে।

ইয়াৰ পাছত তেওঁৰ মনলৈ শংকা আহিল আৰু টি বেগৰ জৰিয়তে আমাৰ শৰীৰত কিমান প্লাষ্টিক প্ৰৱেশ কৰে সেয়া জানিবলৈ আগ্ৰহ জাগিল।

তেওঁ সেই চাহৰ নমুনা সংগ্ৰহ কৰি মেকগিল বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিলে আৰু গৱেষণা আৰম্ভ কৰিলে। ইয়াতেই পোহৰলৈ আহে চিন্তনীয় বিষয়টো।

জানিব পৰা যায় যে এটা টি বেগত ১১০০ কোটি মাইক্ৰপ্লাষ্টিক আৰু ৩০০ কোটি নেনোপ্লাষ্টিক কণা থাকে। সেয়া খালী চকুৰে দেখা পোৱা নাযায়। মাইক্ৰস্কোপতো আনকি সকলোবোৰৰ অস্তিত্ব ধৰা নপৰে। গতিকে, ইয়াৰ ফলত লুকাই থকা বিপদৰ কথা গম পোৱা নাযায়।

মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰকাশ পোৱাৰ পাছতে এয়া সকলোৱে জানিব পাৰিলে। গতিকেই সাৱধান, চাহ খালেই টি বেগটো যাতে নলয় তালৈ মন কৰক। অন্যথা বিষাক্ত প্লাষ্টিকে শৰীৰ বিধ্বস্ত কৰিবলৈ সময় নালাগিব।

Recent News

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd