ছাত্ৰনেতাক হত্যাৰ ভাবুকিৰ অভিযোগত বোকাখাতত চাহবাগিচাৰ পৰিচালকক জেললৈ প্ৰেৰণ

Tea estate manager sent to jail for allegedly threatening students' leader in Bokakhat

গোলাঘাট জিলা চাওঁতালী ছাত্ৰ সন্থাৰ সম্পাদক জীৱন মূৰ্মূক মেথনি চাহ বাগিচাৰ পৰিচালকে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত বাগিছা খনৰ পৰিচালক  জে. চি ফাৰ্নাণ্ডেজক আজি  ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বোকাখাতৰ আদালতে৷

প্ৰাপ্ত তথ্যমতে সোমবাৰৰ সন্ধিয়া বোকাখাত মহকুমাৰ বৰজুৰিত সংঘটিত এটি ঘটনাত মহকুমাটোৰ মেথনি চাহ বাগিচাৰ পৰিচালক জনে বৰজুৰিৰ জীৱন মূৰ্মূ নামৰ যুৱকজনক অপদস্থ কৰাৰ উপৰিও প্ৰাণে মৰাৰ চেষ্টা চলায় বুলি বোকাখাত আৰক্ষী থানাত এক এজাহাৰ দাখিল হয়৷

জানিব পৰা মতে সোমবাৰৰ সন্ধিয়া বৰজুৰিত থকা নিজৰ কম্পিউটাৰ চেন্টাৰৰ পৰা সমীপৰ এখন হোটেলত সোমাওঁতে হোটেলখনত উপস্থিত থকা মেথনি চাহ বাগিচাৰ  পৰিচালক জে. চি ফাৰ্নাণ্ডেজে জীৱন মূৰ্মূক অকথ্য গালি-গালাজ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়ে৷

যাৰ বাবে সোমবাৰৰ সন্ধিয়া বৰজুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাৰ সবিশেষ জানিব পাৰি জীপাল কৃষক শ্ৰমিক সংঘ, স্থানীয় ৰাইজ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওঁতাল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে  বাগিচা পৰিচালক জনৰ লগত ঘটনা সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয়৷

পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিচালকজনক বোকাখাত থানালৈ আনে আৰু জীপালৰ কৰ্মকৰ্তা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় লোকৰ অভিযোগৰ আধাৰত পৰিচালক গৰাকীৰ বিৰুদ্ধে এটা জামিন বিহীন গোচৰ ৰুজু কৰে।

আজি ঘটনাৰ সম্পৰ্কত মেথনি চাহ বাগিচাৰ পৰিচালক জে. চি ফাৰ্নাণ্ডেজক আদালতত হাজিৰ কৰাত আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে৷