ডিব্ৰুগড়ৰ চাহ বাগিচাসূমহত বিপুল হাৰত ভোটদান : কাৰ সপক্ষে পৰিছে ভোট?

IMG-20210327-WA0128

আজি অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচন ২০২১ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহত বিপুল হাৰত ভোটদান কৰা পৰিলক্ষিত হয়।

চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৬ বজাৰ পৰাই ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টিসমূহৰ চাহ বাগিচা অধ্যুষিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান কৰিবলৈ উপস্থিত হোৱা দেখা গ’ল।

বাগিচাসমূহত ব্যাপক হাৰত হোৱা ভোটদানে ৰাজনৈতিক দলসমূহৰ জিলাখনৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০১৬ বিধানসভাৰ নিৰ্বাচনত চাহ বাগিচাৰ ভোট কংগ্ৰেছৰ পৰা খহনীয়া হৈ বিজেপিত পৰা বাবে চাহ বাগিচা অধ্যুষিত সমষ্টিসমূহত বিজেপিয়ে ভাল ফলাফল দেখুওৱাবলৈ সক্ষম হৈছিল।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি সামান্য বৃদ্ধি কৰাৰ ফলত এইবাৰো চাহ বাগিচাৰ ভোট বিজেপিৰ পক্ষতে থাকিব বুলি ধাৰণা কৰা হৈছিল যদিও এই অংকত আউল লগাৰ সম্ভাৱনা নথকা নহয়।

বিশেষকৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে উজনি অসমত দলে বলে এমাহৰো অধিক কাল বাহৰ পাতি চাহ বাগিচাসমূহত প্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ সৈতে ভূপেশ বাঘেলৰ দলটোৱে বাগিচাসমূহত কংগ্ৰেছৰ সপক্ষে চলোৱা নিৰ্বাচনী প্ৰচাৰ কিমান ফলপ্ৰসূ হয় সেয়া নিৰ্বাচনৰ ফলাফল উলোৱাৰ পিছত স্পষ্ট হ’ব যদিও এই প্ৰচাৰে বাগিচাসমূহত বিশেষ প্ৰভাৱ পেলোৱা বুলি ধাৰণা কৰা হৈছে। ফলত বাগিচাসমূহৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে।

ইফালে আজি ভোটদান কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে চাহ বাগিচাৰ ভোটাৰসকলক।

“৬ বজাৰ পৰা চাউলখোৱা ভোটদান কেন্দ্ৰত ভোটদানৰ বাবে শাৰী পতাৰ পিছত মই ভোটদান কৰো। যাৰেই চৰকাৰে গঠন নহওক কিয় তেওঁলোকে আমাক সুৰক্ষা দিব বুলি আশা কৰো।” পঞ্চিমা বাৰিক নামৰ ভোটাৰ গৰাকীয়ে সাংবাদিকৰ আগত কয়।

জীৱনৰ প্ৰথমবাৰ ভোটদান কৰা ৰেণুকা ওৰাঙে কয় “প্ৰথমবাৰ ভোটদান কৰি মই সুখী। মই আমাৰ চাহ বাগিচাৰ মানুহৰ উন্নয়ন হোৱাটো বিচাৰো।”

ইফালে ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিতে শান্তি পূৰ্ণভাৱে ভোটদান সম্পন্ন হয়।

জিলা নিৰ্বাচন বিষয়াৰ তথ্য অনুসৰি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১১৫ নং মৰাণ বিধানসভা সমষ্টিত ৭৫%, ১১৬ নং ডিব্ৰুগড় সমষ্টিত ৭৪.৬৭%, ১১৭ নং লোহোৱাল সমষ্টিত ৭৭%, ১১৮ নং দুলিয়াজান সমষ্টিত ৭৭%, ১১৯ নং টিংখাং সমষ্টিত ৭৪% আৰু ১২১ নং চাবুৱা সমষ্টিত ৭৬.৫% ভোটদান হয়।

আনহাতে মাজুলীৰ পৰা ডিব্ৰুগড়লৈ আহি মখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ১৬১ নং সাহিত্যৰথী বেজবৰুৱা ভৱন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি বিজেপিৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে।

জিলাখনৰ ৭ টা বিধানসভা সমষ্টিত মুঠ ১০,৭০,১৮৮ গৰাকী ভোটাৰ আছে আৰু ইয়াৰে ৫,৩১,৫১৩ গৰাকী পুৰুষ, ৫,৩৮,৬৭২ গৰাকী মহিলা আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

২২৮ টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰসহ ১,৫১৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ১,৮১৭ গৰাকী প্ৰিজাইডিং বিষয়াৰ লগতে ৭,২৬৮ গৰাকী পুলিং বিষয়াই জিলাখনৰ আজি ভোটদান প্ৰক্ৰিয়াত নিয়োজিত হৈছিল।