NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ, কিয় দিলে ধ্বনি?

May 18, 2022 3:30 pm · দীপক কুমাৰ পাঠক, বাক্সা

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল তামুলপুৰ।

কাছাৰ জিলাৰ ডুলু চাহ বাগিচাত উচ্ছেদ কৰি চাহ শ্ৰমিক সকলৰ জীৱনলৈ যি ভাবুকি আনিছে তাৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৱে চাহ শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।

প্ৰতিবাদকাৰী সকলে আটছা জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, চাহ শ্ৰমিকৰ ভূমি অধিকাৰ প্ৰদান কৰক আদি শ্লোগান দি তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰী সকলে চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰাৰ বাবে তামুলপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Related News