NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ : স্বায়ত্ত শাসনৰ দাবী জনগোষ্ঠীটোৰ নেতৃত্বৰ

September 15, 2020 7:34 pm · অভীক চক্ৰৱৰ্তী
Updated: September 15, 2020 7:40 pm
প্ৰতিকী ছবি

কেৱল জনজাতিকৰণেই নহয় অসমৰ চাহ জনগোষ্ঠীৰ বাবে পৃথক স্বায়ত্ত শাসনৰ দাবী তুলিছে জনগোষ্ঠীটোৰ স্বায়ত্ত শাসন দাবী কমিটিয়ে।

মংগলবাৰে ডিব্ৰুগড়স্থিত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত এই দাবী কৰিছে সংগঠনটোৰ আহ্বায়ক ইজৰাইল নন্দই।

“আমি আমাৰ জনগোষ্ঠীৰ বাবে পৃথক স্বায়ত্ত শাসন দাবী কৰিছো। কাৰণ কেবাদশক ধৰি আমি অসমত বসবাস কৰি আহিছো আৰু ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছো। ৰাজ্য চৰকাৰে অসমৰ তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিছে, তাক আমি স্বাগতম জনাইছো।” সংবাদ মেলত আহ্বায়ক ইজৰাইল নন্দই কয়।

এন আৰ চিৰ তথ্যৰ মতে অসমত ১ কোটি ৩৬ লাখ আদিবাসী লোক আছে।

উল্লেখ্য যে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ খেতি কৰিবলৈ মধ্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী লোকসকলক অসমলৈ আনিছিল।

অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় উপ সভাপতি নবীন চন্দ্ৰ কেওটে কয় যে অসমৰ বিভিন্ন ঠাইত বসবাস কৰা এই শোষিত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবেই স্বায়ত্ত শাসন দাবী কৰা হৈছে।

তেওঁ লগতে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰি প্ৰতাৰণা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে।

“চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছো। কিন্তু বিজেপি চৰকাৰে মজুৰি বৃদ্ধিত কোনো গুৰুত্বই দিয়া নাই। নিৰ্বাচনৰ পূৰ্বে মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁলোকে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই।” সংবাদ মেলত কেওটে কয়।

অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই বিজেপি চৰকাৰক সমালোচনা কৰি কয়, “বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত নিৰ্বাচনৰ পূৰ্বে টোপ ৰূপে বিভিন্ন আঁচনি ঘোষণা কৰিলেও বাস্তৱত আমাৰ জনগোষ্ঠীটোৰ বাবে একোৱেই কৰা নাই।”

তেওঁ লগতে অভিযোগ কৰি কয় যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ পৰিকাঠামো একেবাৰে তথৈৱচ যদিও চৰকাৰে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News