DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ : স্বায়ত্ত শাসনৰ দাবী জনগোষ্ঠীটোৰ নেতৃত্বৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
September 15, 2020 7:34 pm
tea assam-1591103909

প্ৰতিকী ছবি

251
VIEWS
Share on FacebookShare on Twitter

কেৱল জনজাতিকৰণেই নহয় অসমৰ চাহ জনগোষ্ঠীৰ বাবে পৃথক স্বায়ত্ত শাসনৰ দাবী তুলিছে জনগোষ্ঠীটোৰ স্বায়ত্ত শাসন দাবী কমিটিয়ে।

মংগলবাৰে ডিব্ৰুগড়স্থিত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত এই দাবী কৰিছে সংগঠনটোৰ আহ্বায়ক ইজৰাইল নন্দই।

“আমি আমাৰ জনগোষ্ঠীৰ বাবে পৃথক স্বায়ত্ত শাসন দাবী কৰিছো। কাৰণ কেবাদশক ধৰি আমি অসমত বসবাস কৰি আহিছো আৰু ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছো। ৰাজ্য চৰকাৰে অসমৰ তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰিছে, তাক আমি স্বাগতম জনাইছো।” সংবাদ মেলত আহ্বায়ক ইজৰাইল নন্দই কয়।

এন আৰ চিৰ তথ্যৰ মতে অসমত ১ কোটি ৩৬ লাখ আদিবাসী লোক আছে।

উল্লেখ্য যে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ খেতি কৰিবলৈ মধ্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী লোকসকলক অসমলৈ আনিছিল।

অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় উপ সভাপতি নবীন চন্দ্ৰ কেওটে কয় যে অসমৰ বিভিন্ন ঠাইত বসবাস কৰা এই শোষিত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবেই স্বায়ত্ত শাসন দাবী কৰা হৈছে।

তেওঁ লগতে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰি প্ৰতাৰণা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে।

“চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছো। কিন্তু বিজেপি চৰকাৰে মজুৰি বৃদ্ধিত কোনো গুৰুত্বই দিয়া নাই। নিৰ্বাচনৰ পূৰ্বে মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁলোকে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই।” সংবাদ মেলত কেওটে কয়।

অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই বিজেপি চৰকাৰক সমালোচনা কৰি কয়, “বিজেপিয়ে ভোট বেংকৰ স্বাৰ্থত নিৰ্বাচনৰ পূৰ্বে টোপ ৰূপে বিভিন্ন আঁচনি ঘোষণা কৰিলেও বাস্তৱত আমাৰ জনগোষ্ঠীটোৰ বাবে একোৱেই কৰা নাই।”

তেওঁ লগতে অভিযোগ কৰি কয় যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ পৰিকাঠামো একেবাৰে তথৈৱচ যদিও চৰকাৰে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd