NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল টীয়কৰ যুৱ শিক্ষক বিকাশ বৰুৱা

September 16, 2021 3:23 pm · নিৰ্মলেন্দু পাঠক,টিয়ক

অসমৰ শিক্ষাখণ্ডৰ পাঠ্যক্ৰমসমূহত ন ন সংযোজনেৰে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ সমান্তৰালকৈ বহুজন প্ৰতিভাবান যুৱ শিক্ষকে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চি আৰ টি আৰু এন চি আৰ টি য়ে যুটীয়া ভাৱে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু শৈক্ষিক দৃশ্য-শ্ৰাৱ্য উৎসৱত নিজৰ প্ৰকল্পৰে যোগদান কৰা টীয়কৰ সন্তান তথা মৰিগাঁও জিলাৰ লাহৰীঘাটত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ বৰুৱাই উচ্চ প্ৰাথমিক শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সুবিধা হোৱাকৈ ঐতিহাসিক শিৱসাগৰৰ কীৰ্তি চিহ্ন সমূহৰ এক দৃশ্য-শ্ৰাৱ্য প্ৰকল্প প্ৰস্তুত কৰি উক্ত প্ৰতিযোগিতা খনত যোগদান কৰি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি বিকাশে শ্ৰেষ্ঠ ভিডিঅ’ সম্পাদনাৰ বাবেও বিবেচিত হৈছে ।

পূৰ্বতেও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত শৈক্ষিক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিকাশ বৰুৱাই সন্মান বুটলিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰী সকলক অসমৰ ইতিহাস তথা বিভিন্ন কীৰ্তি চিহ্নসমূহ কিতাপত অধ্যয়নৰ সমান্তৰালকৈ দৃশ্য শ্ৰব্যৰ যোগেদি প্ৰদৰ্শন কৰি বুজাত সহায় কৰাৰ লগতে আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে যুৱ শিক্ষকগৰাকীয়ে।

লগতে এনে ব্যৱস্থাই অসমখনৰ প্ৰতি অনান্য প্ৰদেশসমূহৰ ছাত্ৰ ছাত্ৰী সকলকো আকৃষ্ট কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related News