চৰকাৰৰ দায়িত্বহীনতাৰ বাবে এম এ চি পি এছ আচঁনিৰ পৰা বঞ্চিত শিক্ষক সমাজ

siddhartha

পৰিৱৰ্তনকামী চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে শেহতীয়াকৈ হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত তথা কৰ্মৰত শিক্ষকসমাজে এম এ চি পি এছ আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগৰ বিধিমতে কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে যদি একেটা পদতে দহ বছৰ, বিশ বছৰ আৰু ত্ৰিছ বছৰ বা তাতোকৈ অধিক সময় কৰ্মৰত হৈ থাকে তেন্তে সেইসকল শিক্ষকে কৰ্মচাৰী কল্যাণনিধীৰ অধীনত এম এ চি পি এছ সেৱাৰ জৰিয়তে একোটাকৈ ইনক্ৰিমেণ্ট লাভ কৰে।

গতিকে এই বিধিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা শিক্ষকসকলে কেইবা মাহ পূৰ্বে একোটাকৈ ইনক্ৰিমেণ্ট লাভ কৰাৰ বাবে উপযুক্ত নথি পত্ৰৰে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন কৰে ৷

মন কৰিব লগীয়া যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ত্ৰিছ হাজাৰৰৰো অধিক শিক্ষকে এই আঁচনিৰ সুফল লাভ কৰাৰ বাবে বিগত বছৰ সমূহত আবেদন নিবেদন কৰি অাহিছে যদিও চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে বৰ্তমানলৈকে ৰাজ্যৰ শিক্ষক সকলে এই সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অৱসৰপ্ৰাপ্ত শিক্ষক আনচাৰী আলী আহমেদ, কৰ্মৰত শিক্ষক ভবানন্দ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ৰেজ্জাক ভূঞা, ৰেফাজউদ্দিন মোল্লা সহ কেইবাগৰাকী শিক্ষকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা সদৰি কৰে ৷

লগতে শিক্ষক সমাজে ভূগি থকা এই সমস্যা সমাধানৰ বাবে  শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কোনো পদক্ষেপ গ্ৰহণ নকৰাত শিক্ষক সকলে আক্ষেপ প্ৰকাশ কৰে।