NORTHEAST NOW (Assamese)

আন্দোলন নহয়, চৰকাৰকে চিধা আইনী জাননী মেঘালয়ৰ শিক্ষক সংস্থাৰ

February 21, 2019 9:25 pm · অনুপ শৰ্মা
মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

বকেয়া ধন মোকলাই দিয়াৰ বাবে এইবাৰ আন্দোলন নহয়, চৰকাৰক চিধা আইনী জাননীয়ে প্ৰেৰণ কৰিছে মেঘালয়ৰ শিক্ষক সংস্থাই।

২০১৬ চনৰ ১ জুলাইৰ পৰা পৰৱৰ্তী বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিলৈকে পাব লগা ধনখিনি নিদি পিছুৱাই থকাৰ বাবে ৰাজ্য চৰকাৰক আইনী যুঁজত সাঙুৰিব খুজিছে সংস্থাটোৱে।

“১৫ দিনৰ ভিতৰত বকেয়া ধন মোকলাই নিদিলে সংগঠন আদালতৰ কাষ চাপিব,” মেঘালয় সৰ্বশিক্ষা স্কুল এচ’চিয়ে’চনৰ অধিবক্তাই প্ৰেৰণ কৰা জাননীত কোৱা হৈছে।

মেঘালয়ৰ শিক্ষা বিভাগৰ মুখ্য সচিব আৰু ৰাজ্যিক স্কুল শিক্ষা আৰু সাক্ষৰতা প্ৰকল্পৰ সঞ্চালকলৈ এই জাননী প্ৰেৰণ কৰা হৈছে।

যোৱা সময়চোৱাত প্ৰাপ্য ধনখিনি মোকলাই দিয়াৰ দাবীত শিক্ষকসকলে আন্দোলন কৰি আহিছিল।

Related News