শিক্ষক দিৱস বৰ্জন কৰি ন্যায় বিচাৰি প্ৰতিবাদত বহিল শিক্ষক

index

ফটো : নৰ্থইষ্ট নাও

পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে শ্ৰেণী কোঠা এৰি প্ৰতিবাদত বহিল এচাম শিক্ষক।

শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই ন্যায্য প্ৰাপ্তিৰ দাবীত আজি শিক্ষক দিৱস বৰ্জন কৰি প্ৰতিবাদত বহে।

মহানগৰীৰ চচলত শিক্ষক দিৱসৰ দিনটোতে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই প্ৰতীকী অনশন কাৰ্যসূচী সাব্যস্ত কৰে।

সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আৰু অসম শিক্ষা প্ৰাদেশিকীকৰণ আইন ২০১৭’ৰ পূৰ্ণ পৰ্য্যায়ৰ সংশোধনৰ দাবীত শিক্ষক-কৰ্মচাৰীসকলে প্ৰতিবাদেৰে উত্তাল কৰি তোলে চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী।

অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ হেমাহিৰ বাবেই আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতো এইদৰে অনাহাৰে প্ৰতীকী অনশন কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।

উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি মঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, “পেটৰ ভোকত আজিৰ এই শিক্ষক দিৱসৰ দিনটোত আমি আটাহ পৰিবলগীয়া হৈছে। শিক্ষামন্ত্ৰীয়ে যোৱা বৰ্ষৰ ১২ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো অপ্ৰাদেশীকৃত বিদ্যালয় দুমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ কৰাৰ আশ্বাস দিছিল যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ হাতত নল’লে।”

ইপিনে যোৱা গ্ৰীষ্মকালীন অধিবেশনত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৩০৬ খন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁৰ প্ৰতিশ্ৰুতি ক’ত গ’ল বুলিও হালৈয়ে প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে, প্ৰাদেশীকৰণ আইন ২০১১’ৰ অধীনত অসমৰ ৮৮৩২ খন ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত  ৪১,৬৩৪ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ ২০১৩’ৰ জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাদেশিকীকৰণ কৰিলে যদিও এই আইনৰ আওতাৰ পৰা ৩৩ হাজাৰ শিক্ষক কৰ্মচাৰীৰ পদ বাদ পৰি ৰ’ল।