NORTHEAST NOW (Assamese)

কৰ্মচাৰীৰ ৰোষত চৰকাৰ! এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজ্যজুৰি প্ৰতিবাদ শিক্ষকৰ

February 20, 2021 2:23 pm · মীনাক্ষী ফুকন
Updated: February 20, 2021 2:24 pm

মাত্ৰ এমুঠিমান হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যৰ তিনিকোটিৰো ওপৰৰ লোকৰ আগত ফিতাহি মাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে এতিয়া জাগি উঠিছে খোদ চৰকাৰী কৰ্মচাৰী।

জিলা প্রশাসনৰ কৰ্মচাৰীৰ আন্দোলনৰ পিছত এইবাৰ  অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক গোটে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী।

মূলতে প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকা গ্ৰেড ‘পে ঘুৰাই দিয়াৰ এই দুটা মূল দাবীৰে প্ৰাথমিক শিক্ষক গোটে গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l

প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকৰ পদ সৃষ্টি , স্নাতক শিক্ষকৰ পৰা লোৱা গ্ৰেড’পে ঘুৰাই দিয়াৰ দাবী সম্বলিত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় চৌহদ l

চৰকাৰক শীঘ্ৰে শিক্ষকৰ দাবী সমূহ মানি লবলৈ দাবী প্ৰতিবাদকাৰীৰ ।

Related News