দ্বিতীয় টী-২০ৰ পূৰ্বে শনিবাৰে গুৱাহাটীত উদীয়মান ক্ৰিকেটাৰসকলক উৎসাহিত কৰিলে ৰাহুল দ্ৰাবিড়ে

Team India’s Head coach Rahul Dravid inspired ভাৰতীয় ক্ৰিকেট দলে দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টী-২০ খেলত। ইয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলটো গুৱাহাটীত আহি উপস্থিত হয়।

শনিবাৰে বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱেও কঠোৰ অনুশীলন সম্পূৰ্ণ কৰে। ইয়াৰ উপৰি অনুশীলনত এটা ব্যতিক্ৰমী দৃশ্যই সকলোৰে দৃষ্টি কাঢ়িছে।

লগতে পঢ়ক: দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বিশেষজ্ঞ শিক্ষক নিয়োগ কৰাৰ নিৰ্দেশনা UGC ৰ

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে উদীয়মান ক্ৰিকেটাৰসকলৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যায়। দ্ৰাবিড়ে উদীয়মান ক্ৰিকেটাৰসকলক কিছু পৰামৰ্শও দিয়ে।

ৰাহুল দ্ৰাবিড় বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ মাজৰ এজন। তেওঁৰ অভিজ্ঞতা আৰু দক্ষতাৰ বিষয়ে ক’বলৈ নতুন একো নাই। এইটো কোৱাৰ প্ৰয়োজন নাই যে তেওঁৰ দৰে এজন কিংবদন্তি ক্ৰিকেটাৰৰ সৈতে সময় কটোৱা যিকোনো যুৱকে তেওঁৰ পৰামৰ্শৰ দ্বাৰা লাভান্বিত হ’ব।

যুৱ ক্ৰিকেটাৰসকলে ভাৰতীয় দলৰ অনুশীলনৰ পিছত দ্ৰাবিড়ৰ সৈতে কিছু সময় অতিবাহিত কৰে। উদীয়মান ক্ৰিকেটাৰসকলৰ সৈতে সময় কটোৱা ৰাহুল দ্ৰাবিড়ৰ ফটোও ভাৰতীয় দলৰ সামাজিক মাধ্যমত পোষ্ট কৰা হৈছে।

যুৱ ক্ৰিকেটাৰসকলকো অতি মনোযোগেৰে সৈতে ৰাহুল দ্ৰাবিড়ৰ পৰামৰ্শ শুনি থকা দেখা গৈছিল।