বোকাখাতৰ ধনশিৰি নদীত এজন কিশোৰৰ সলিল সমাধি
কিশোৰজনৰ মৃতদেহ উদ্ধাৰৰ ছবি।
লকডাউনৰ মাজতে বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ ১২নম্বৰ লাইনৰ সমীপত ধনশিৰি নদীত গা ধুবলৈ গৈ শনিবাৰে এজন কিশোৰৰ সলিল সমাধি ঘটে৷
কিশোৰজন কুঁহিয়াৰবাৰী গাঁৱৰ ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী বুলি জানিব পৰা গৈছে৷
আন সাতজন বন্ধুৰ লগত ধনশিৰি নদীত গা ধুই থাকোতে কিশোৰজন পানীৰ বুকুত নিখোজ হয়।
নদীৰ পানীত বুৰ গৈ কিশোৰজন ওলাই নহাত লগৰকেইজনে অজিতক উদ্ধাৰৰ চেষ্টা চলায়ো বিফল হয়৷
ঘটনাৰ সন্দৰ্ভত তেওঁলোকে গৈ ঘৰত খবৰ দিয়াত অজিতৰ সন্ধানত ধনশিৰি নদীৰ বুকুত স্থানীয় লোকে অভিযান আৰম্ভ কৰে৷
পিছত বোকাখাত আৰক্ষীৰ লগতে গোলাঘাটৰ পৰা অহা এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুয়ে চলোৱা অভিযানত ধনশিৰি নদীৰ বুকুৰ পৰা অজিত তাঁতীৰ নিঠৰ দেহ উদ্ধাৰ কৰা হয়৷
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে৷