NORTHEAST NOW (Assamese)

বৰপেটা‌লৈ গৌৰৱ কঢ়িয়ালে উদীয়মান কণ্ঠশিল্পী শোভাংগী দাসে

December 16, 2018 10:41 pm · পুলেন্দ্ৰ দাস

অসমীয়া চেনেল ‘ৰামধেনু’ত চলি থকা চুপাৰষ্টাৰ প্ৰতিযোগিতা‌ত শ্ৰেষ্ঠ পাৰফৰ্মাৰ হিচাপে চূড়ান্ত ৰাউণ্ডত উপনীত হৈ সম্ভাৱনাৰ পৰিচয় দাঙি ধৰাৰ লগতে সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে উদীয়মান কণ্ঠ শিল্পী শোভাংগী দাসে।

৮ বছৰ বয়সৰ পৰাই অসমৰ বিভিন্ন মঞ্চত অসমীয়া, হিন্দী, ইংৰাজী, বেঙ্গলী আদি ভাষাত গীত পৰিৱেশন কৰি হোৱা উদীয়মান কন্ঠ শিল্পী গৰাকীয়ে অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীন অভিনেতা নিপন গোস্বামী‌ৰ লগত কণ্ঠদান আৰু অভিনয় কৰা ‘ককা অ’ ককা’ ভিডিঅ‌’ এলবামৰ জৰিয়তে শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ পৰা নিৰ্মাণ হোৱা,বলিউডৰ সংগীত পৰিচালক‌ৰ সংগীতেৰে মৰমলেণ্ড বলিউডৰ প্ৰযোজনা‌ৰে প্ৰথমটো নেশ্বনেল হিন্দী এলবাম ‘তাড়না প্যাৰ কা’ এলবামটিৰ মুখ্য গীতত কণ্ঠ নিগৰাইছিল বিশিষ্ট কণ্ঠ শিল্পী সংগীতা কাকতিয়ে আৰু উক্ত এলবামৰ ‘ৰামাইয়া বাস্তাবাইয়া’ শীৰ্ষ‌ক গীতটোত শোভাংগী দাসে কণ্ঠ‌দান কৰিছে।

সংগীত‌ৰ উপৰিও বিভিন্ন মঞ্চত ৩ বছৰ বয়সৰ পৰাই শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰি অহা শোভাঙ্গী দাসে ২০১৭ বৰ্ষত ব্লেক ষ্টাৰে আয়োজন কৰা ফেশ্বন শ্ব’ প্ৰতিযোগিতা‌ৰ জুনিয়ৰ শাখাত ‘মিচ বৰপেটা’ খিতাপ লাভ কৰে।

Related News