‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

তেজ প্ৰতাপ যদব।

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাত্ৰ এসপ্তাহ বাকী। শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে ১১ হাজাৰৰো অধিক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। যেতিয়া ৰাম মন্দিৰক কেন্দ্ৰ কৰি উন্মাদনা তুংগত উঠিছে, তেতিয়া লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰৰ মন্ত্ৰী তেজ প্ৰতাপ যাদৱে এটা চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে ভগৱান শ্ৰীৰাম তেওঁৰ সপোনত আহি অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ দিনা নাহে বুলি কৈ গৈছে।

অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্দিৰ উদ্বোধন কৰিব। আন আন নেতা-মন্ত্ৰীও উপস্থিত থাকিব। লগতে সাধু-সন্যাসীৰ পৰা আৰম্ভ কৰি সমাজৰ বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হৈছে।

ইয়াৰ মাজতে বিহাৰৰ মন্ত্ৰী তেজপ্ৰতাপ যাদৱে কয়, ‘এবাৰ নিৰ্বাচন শেষ হ’লে ৰামকো পাহৰি যাব…ইমান বাধ্যতামূলক নিয়ম আছেনে যে ২২ জানুৱাৰীতে শ্ৰীৰাম আহিব? মোৰ সপোনত তেওঁ আহিছিল। ২২ জানুৱাৰীত মন্দিৰ উদ্বোধনৰ দিনা ৰাম নাহে। তেওঁ কয়, এয়া ভণ্ডামি। শ্ৰীৰাম কেৱল মোৰ সপোনতে নহয় চাৰিজন শংকৰাচাৰ্যৰ সপোনতো আহিছিল। তেওঁলোককো কৈছে  যে ২২ জানুৱাৰীত তেওঁ নাহে।”

কিছুদিন পূৰ্বে তেজ প্ৰতাপে নিজে সকলোকে ধৰ্মীয় মন্তব্য কৰাত সাৱধান হ’বলৈ কৈছিল। সেই সময়ত তেওঁ কৈছিল, “মানৱতাই আটাইতকৈ ডাঙৰ ধৰ্ম হ’ব লাগে।”

অৱশ্যে তেজস্বী যাদৱে ককায়েক তেজ প্ৰতাপৰ এই মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বিজেপিৰ পৰাও কোনো প্ৰতিক্ৰিয়া অহা নাই।