গুৱাহাটী মহানগৰীত PUBG য়ে প্ৰাণ ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ

PUBG game image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

সমগ্ৰ দেশত PUBG গেমৰ আসক্তিৰ ফলত বহুকেইজন কিশোৰে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই এইবাৰ পৰিসৰ বৃদ্ধি কৰি অসমৰ গুৱাহাটী মহানগৰীকো স্পৰ্শ কৰিলে।

গুৱাহাটী মহানগৰীৰ ফেকাল্টি হাইস্কুলৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই PUBG গেমৰ প্ৰতি থকা অসক্তিৰ বাবে আত্মহত্যাৰ পথ বাছি ল’বলগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত।

ঘটনাৰ বিৱৰণী অনুসৰি ছাত্ৰগৰাকীয়ে প্ৰায়ে ৰাতিলৈ মোবাইল ফোনত PUBG গেম খেলি ৰাতিপুৱা পলমকৈ শোৱাপাতিৰ পৰা উঠে আৰু বিদ্যালয়লৈ যাবলৈ অনীহা প্ৰকাশ কৰে।

অন্যদিনাখনৰ দৰে ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰাৰ দিনাখনো ছাত্ৰজনে বিদ্যালয়লৈ যাবলৈ অনীহা প্ৰকাশ কৰে কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিভাৱকক সেইদিনা বিদ্যালয়ত য়ুনিট পৰীক্ষা থকা বুলি খবৰ দিয়ে।

ছাত্ৰগৰাকীয়ে পৰীক্ষা থকাৰ কথা ঘৰত নজনোৱা বাবে মাতৃয়ে ছাত্ৰজনক মোবাইলত PUBG খেলি থকাৰ বাবে ভৎৰ্সনা কৰে।

ফেকাল্টি হাইস্কুলৰ ছাত্ৰগৰাকীয়ে মাতৃৰ ভৎৰ্সনা সহ্য কৰিব নোৱাৰি আৰু PUBG গেমৰ বাবে গালি খাব লগা হোৱা বাবে ঘৰত মাতৃ নথকা অৱস্থাত চীপ জৰি লৈ আত্মহত্যা কৰে।

পৰিয়ালৰ লোকে পৰৱৰ্তীসময়ত কোঠাৰ ভিতৰত ছাত্ৰজনৰ চীপলোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰগৰাকীক মৃত বুলি ঘোষণা কৰে।

গুৱাহাটী মহানগৰীত এনেদৰে এগৰাকী ছাত্ৰই PUBG গেমৰ আসক্তিত পৰি আত্মহত্যা কৰিব লগা হোৱা ঘটনাই সমগ্ৰ ৰাজ্যৰ অভিভাৱকসকলক চিন্তিত কৰি তুলিছে।