NORTHEAST NOW (Assamese)

মহানগৰীৰ জয়ানগৰত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

November 24, 2018 7:36 am · এন ই নাও নিউজ

মহানগৰীৰ বেলতলা জয়ানগৰত শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ছয়মাইলৰ পিনৰ পৰা তীব্ৰ গতিত অহা এ এছ ০১ বি জে ৪৮৪৯ নম্বৰৰ বলেৰ’ গাড়ীয়ে পাঁচখনতকৈয়ো অধিক বাইক মহতিয়াই নিয়ে। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰাৰ চেষ্টা কৰা বাহনখনে পুনৰ এক দুৰ্ঘটনা সংঘটিত কৰে।

দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে ঘটনাস্থলীত আহি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ লগতে বাহনখনৰ চালকক আটক কৰে।

অৱশ্যে ৰাইজে ঘটনাটোক সহজভাৱে ল’ব নোৱাৰিলে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন কোনো প্ৰভাৱশালী ব্যক্তিৰ লোক বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষী আৰু উপস্থিত ৰাইজৰ মাজত যুক্তি তৰ্ক হোৱাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈ ৰাইজ উত্তেজিত হৈ পৰে। তদুপৰি, দিচপুৰ আৰক্ষীয়ে দুৰ্ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Related News