NORTHEAST NOW (Assamese)

৬ বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়

July 21, 2022 5:16 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

৬ বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিল শিৱসাগৰ অসামৰিক চিকিৎসালয়

ভানু ভুমিজ নামৰ কন্যা শিশু গৰাকীক হত্যাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।

পৰিস্মিতা দত্ত আৰু বিতুপন ঢেঁকীয়াল ফুকনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল নাবালিকা গৰাকী।

বনকৰা শিশু গৰাকীৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে।

ইপিনে অভিযুক্ত দম্পতীহালৰ ঘৰ শিৱসাগৰৰ চেৰেকাপাৰ নাহৰআলি খনিকৰ গাঁৱত।

ছোৱালীজনীৰ দেহত আঘাতৰ চিন স্পষ্ট। তিনিদিন পূৰ্বে ঘৰৰ ওপৰৰ মহলাৰ পৰা পৰিছিল বুলি জানিবলৈ দিয়ে পৰিস্মিতা দত্ত আৰু বিতুপন ঢেকিয়াল ফুকনে। কিন্তু যোৱা তিনিদিন ধৰি কিয় বনকৰা কিশোৰীগৰাকীক চিকিৎসা কৰা নাছিল ইয়াকে লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে।

আজি বনকৰা শিশুটিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও কিছু সময়ৰ পিছতেই চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকৰ ।

ইতিমধ্যে দুই অভিযুক্ত পৰিস্মিতা দত্ত আৰু বিতুপন ঢেকীয়াল ফুকনক শিৱসাগৰ আৰক্ষীয়ে আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।

Related News