টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি
আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত International Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি NASA ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক , বনাই তুলসীজান নিবাসী কংকণ কিশোৰ দত্তই ।
কংকণ কিশোৰ দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱায়ো এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।
দলীয় ভাবে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল।
ক’ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ চাৰি শিক্ষকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে।
ইপিনে কংকণ কিশোৰ দত্তৰ এই সফলতাত সমগ্ৰ টীয়কবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰি অনাগত দিনতো এনে কাৰ্যৰ জড়িয়তে কংকণ কিশোৰ দত্তই সমগ্ৰ ৰাজ্যবাসীক গৌৰান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।