ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি
কৰ্ণাটকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এইডছ ৰোগত আক্ৰান্তৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে কৰ্ণাটকৰ সকলো ডিগ্ৰী আৰু ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ত এইচ আই ভি পৰীক্ষা আৰু পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। কৰ্ণাটক ৰাজ্যিক এইডছ নিবাৰণ ছ’চাইটিৰ পৰামৰ্শ অনুসৰি চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী মহাবিদ্যালয়সমূহত এই শিবিৰ আয়োজন কৰাটো বাধ্যতামূলক কৰা হৈছে। অৱশ্যে চৰকাৰৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে এই পৰীক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মতি বা অনুমতি লোৱাটো অতি প্ৰয়োজনীয়।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, সাম্প্ৰতিক চৰকাৰী তথ্যত পোহৰলৈ আহিছে যে কৰ্ণাটকত ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ ৭ হাজাৰৰো অধিক যুৱক-যুৱতী এইচ আই ভি পজিটিভ হিচাপে চিনাক্ত হৈছে।
নেচনেল এইডছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান দেশত সৰ্বাধিক এইচ আই ভি আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা কৰ্ণাটক তৃতীয় স্থানত আছে। ৰাজ্যখনত বৰ্তমান প্ৰায় ২ লাখ ৬০ হাজাৰ লোক এইচ আই ভি ভাইৰাছত আক্ৰান্ত হৈ আছে। ইয়াৰে মাত্ৰ ২ লাখ ৫ হাজাৰ লোকৰহে বৰ্তমান চিকিৎসা চলি আছে। ইয়াৰ উপৰিও প্ৰায় ৫৪ হাজাৰ লোকে এতিয়াও নিজৰ দেহত যে এইচ আই ভি ভাইৰাছ আছে, সেই বিষয়ে একো নাজানে। এই সমগ্ৰ বিষয়টোক লৈ বিশেষজ্ঞসকল গভীৰ চিন্তাত পৰিছে। চৰকাৰৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবলৈ আৰু সঠিক তথ্য প্ৰদান কৰিবলৈ এটা কিউ আৰ ক’ড স্কেন কৰাৰ ব্যৱস্থাও আৰম্ভ কৰাৰ উদ্যোগ লোৱা হৈছে।
পৰিসংখ্যাই দেখুৱাইছে যে ১৮ ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এই সংক্ৰমণ অতি দ্ৰুতগতিত বিয়পি পৰিছে। আনকি এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ২০২৩-২৪ বৰ্ষৰ ৪৪,৫০০ ৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ৬৬,৬০০ লৈ বৃদ্ধি পাইছেগৈ। সাম্প্ৰতিক প্ৰতিবেদন অনুসৰি ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ ৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী শেহতীয়াকৈ এইচ আই ভি পজিটিভ হিচাপে চিনাক্ত হৈছে। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই উচ্চ শিক্ষানুষ্ঠানসমূহত এইডছ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী অধিক জোৰদাৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।