নৌগামত আৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; দুজন ছহিদ

স্বাধীনতা দিৱসৰ ঠিক এদিন পূৰ্বেই  জম্মু-কাশ্মীৰৰ নৌগামত আৰক্ষীৰ এটা দলৰ ওপৰত উগ্ৰপন্থীৰ দলে ভয়ংকৰ আক্ৰমণ চলোৱাৰ খবৰ আহিছে।

এই আক্ৰমণত দুজন আৰক্ষী কৰ্মী ছহিদ হোৱাৰ লগতে এজন আহত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাটো সংঘটিত হয় নৌগাম বাইপাছত।

জানিব পৰা মতে, আৰক্ষীৰ দলটোৱে পহৰা দি থাকোতে হঠাৎ নৌগাম বাইপাছত উগ্ৰপন্থীৰ দলে আক্ৰমণ কৰাত তিনিজন আৰক্ষী কৰ্মী গুৰুত্বৰভাৱে আহত হয়।

লগে লগে আহত তিনিজন আৰক্ষী কৰ্মীক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছু সময় পিছতে ইয়াৰে দুজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে গোষণা কৰে।

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে কয় যে উগ্ৰপন্থীৰ দলটোৱে পাছফালৰ পৰা আক্ৰমণ কৰা বাবে এই ঘটনাটো সংঘটিত হয়।

তেওঁ লগতে কয় যে আৰক্ষীৰ দলটোৱেও উগ্ৰপন্থীৰ দলটোক উদ্দেশ্যে গুলি চলায়। অভিযানটো চলোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে যদিও বৰ্তমান অঞ্চলটো ঘেৰি ধৰা হৈছে আৰু উগ্ৰপন্থীৰ দলটোৰ অনুসন্ধান তীব্ৰতৰ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে আক্ৰমণৰ ঘটনাটো জৈঈছ-ই-মহম্মদে সংঘটিত কৰিছে।

আক্ৰমণৰ ঘটনাটোত চহিদ হোৱা আৰক্ষী কৰ্মী দুজনৰ এজন মহম্মদ আশ্রফ আৰু আনজন ইছফাক আহমদ বুলি চিনাক্ত কৰা হৈছে।