NORTHEAST NOW (Assamese)

দেশৰ উন্নয়নত হেঙাৰ হৈ থিয় দিছে বিচ্ছিন্নতাবাদী শক্তিয়ে

October 8, 2021 6:23 pm · প্ৰলয় কুমাৰ বড়ো
Updated: October 8, 2021 6:54 pm

বিচ্ছিন্নতাবাদী শক্তি সদায় আমাৰ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত হেঙাৰ ৰূপে ঠিয় দি আহিছে। আমাৰ দেশ ভাৰতবৰ্ষ খন বৈচিত্ৰৰ
মাজত একতাৰ দোলেৰ বান্ধ খাই আছে।

সেয়েহে আন দেশৰ তুলনাত ভাৰতবৰ্ষ খন পৃথক।

অনৈক্যৰ মাজত ঐক্যই হৈছে ভাৰতবৰ্ষৰ সম্পদ।

কিন্তু আমাৰ বিচ্ছিন্নতাবাদী শক্তি সমূহৰ যি ভাৱধাৰা তাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষৰ এই ঐক্যত বাৰে বাৰে আঘাত হানি আহিছে।

তেওঁলোকৰ মতে ঘৰ বাৰী , শিক্ষা আদি বাদ দি হাতত বন্দুক তুলি লৈ তেওঁলোকে ৰাজ্যৰ উন্নতি কৰিব।

কেন্দ্ৰই আমাক মাহীমাকৰ দৃষ্টিৰে চাই বুলি যি এক ভ্ৰান্ত ধাৰণা তেওঁলোকে মনত পোষণ কৰি ৰাখিছে তাৰ বাবেই বহুত ক্ষেত্ৰত আমাৰ ৰাজ্য খনে এতিয়াও যিমান খিনি উন্নয়ন হব লাগে তাৰ মুখ দেখিবলৈ পোৱা নাই।

আজি যি মানৱ সম্পদ দেশৰ উন্নয়নত ব্ৰতী হব লাগিছিল তেওঁলোকে এই চিন্তাধাৰাৰ বাবে হাতত অস্ত্ৰ তুলি লৈছে।
স্বাধীন অসম বিচাৰি আন্দোলন কৰিছে।

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ কথা আজিও সকলোৰে মনত জল জল পট পট হৈ আছে। আন্ত গাঁঠনিহীন এই বিচ্ছিন্নতাবাদী শক্তি বোৰৰ বাবেই আজিও উত্তৰ পূৰ্বাঞ্চললৈ ডাঙৰ উদ্যোগ আহিব পৰা নাই।

আমি সকলোৱে দেখি আহিছোঁ উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদি উন্নত ৰাজ্যসমূহ যি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী।
আমি বুজি উঠিব লাগিব যে বন্দুকেৰে সমস্যাৰ সমাধান নহয় ।

আমি সকলোৱে এক হৈ দেশৰ সেৱাত ব্ৰতী হলে আমাৰ উন্নয়ন নিশ্চিত।

আমি সকলোৱে স্বাধীন জাতি বিচাৰিলে কেতিয়াও উন্নয়নৰ মুখ দেখা নাপাম ।আমি সকলোৱে এক হৈ ৰাষ্ট্ৰৰ হকে , উন্নয়নমূলক কাম কৰি গ’লেহে আগবাঢ়ি যাব পাৰিম।

পূৰ্বতে যিবোৰ জনজাতীয় বিচ্ছিন্নতাবাদী শক্তি যেনে বড়ো,কাৰ্বি আদি জনজাতিৰ কিছুমান বিচ্ছিন্নতাবাদী শক্তি আদিয়ে অস্ত্ৰ হাতত তুলি লৈছিল তেওঁলোকেও বুজি পাইছে যে এইবিলাকে আমাক উন্নতিৰ পথত অগ্ৰসৰ হোৱাত বাধাৰ সৃষ্টি কৰিছে।

তেওঁলোকেও সাম্প্ৰতিক সময়ত ইতিবাচক ভাৱধাৰাৰে আত্ম সমৰ্পন কৰি মুল সুতিলৈ ঘূৰি আহিছে যি আমাৰ ৰাষ্ট্ৰৰ হিতৰ বাবে এক ইতিবাচক ইংগিত।

আমি আশাবাদী যে অনাগত সময়ত আমাৰ ৰাজ্যৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ বিচ্ছিন্নতাবাদী শক্তি আছে তেওঁলোকেও বুজি উঠিব তথা অস্ত্ৰ ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি আহিব আৰু দেশ মাতৃৰ সেৱাত ব্ৰতী হব।

Related News