ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক শুক্ৰবাৰে তেওঁৰ শিষ্য ৰঞ্জিত সিঙৰ হত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। পঞ্চকুলাৰ বিশেষ চিবিআই আদালতে গোচৰটোত আন চাৰিজনক দোষী সাব্যস্ত কৰিছে।
পঞ্চকুলাৰ বিশেষ ন্যায়াধীশ ড০ সুশীল কুমাৰ গাৰ্গে আদালতত গুৰমিত ৰাম ৰহিম সিং, জছবীৰ সিং, চাবদিল সিং, কৃষ্ণ লাল আৰু ইন্দৰ চাইনক ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা)ধাৰা আৰু ১২০ খ (অপৰাধমূলক ষড়যন্ত্ৰ)ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে।
কৃষ্ণ লাল, ইন্দৰ চাইন আৰু জছবীৰ সিঙক অস্ত্ৰ আইনৰ অধীনতো দোষী সাব্যস্ত কৰা হৈছে।
আদালতৰ আদেশৰ বিতং প্ৰতিলিপি এতিয়াও মুকলি কৰা হোৱা নাই।
চিবিআইৰ অভিযোগপত্ৰ অনুসৰি, ডেৰা প্ৰধানে ৰঞ্জিত সিঙক ডেৰা প্ৰধানৰ ওপৰত আশ্ৰমৰ ভিতৰত মহিলা শিষ্যসকলক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন কৰি এখন বেনামী পত্ৰ প্ৰচাৰ কৰা বুলি সন্দেহ কৰিছিল।
উল্লেখ্য যে চিৰচাস্থিত সাংবাদিক ৰাম চন্দৰ ছত্ৰপতিয়ে তেওঁৰ বাতৰি প্ৰতিবেদনত এই প্ৰচাৰ হোৱা পত্ৰখনেই প্ৰকাশ কৰিছিল। বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ছত্ৰপতিকো পৰৱৰ্তী সময়ত হত্যা কৰা হৈছিল।
ডেৰা প্ৰধান ৰাম ৰহিমক অলপতে ছত্ৰপতি হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল।
স্মৰ্তব্য যে ৰঞ্জিত সিঙক ২০০২ চনৰ ১০ জুলাইত হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ থানেচাৰ আৰক্ষী থানাৰ অধিকাৰ ক্ষেত্ৰত হত্যা কৰা হৈছিল।
থানেছাৰ আৰক্ষী থানাত হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ২০০৩ চনৰ ১০ নৱেম্বৰত উচ্চ ন্যায়ালয়ে গোচৰটোৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল।