“মোৰ দেউতা সম্প্ৰদায় আৰু সীমাৰ ঊৰ্ধ্বত এজন সঁচা অৰ্থৰ মানৱতাবাদী আছিল”, তেজ হাজৰিকা

পাঁচদিন অসমত থকা সত্ত্বেও চৰকাৰে যোগাযোগ কৰা নাছিল, জনালে হাজৰিকাই

Tez Hazarika

তেজ হাজৰিকা। ফটোৰ উৎস : ইণ্টাৰনেট।

ভাৰত ৰত্ন আৰু অসমীয়াৰ হিয়াৰ ৰত্ন ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই অলপতে ভাৰতৰ এখন আগশাৰীৰ কাকত ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিক তৰা আগৰৱালাক এটা সাক্ষাৎকাৰ দিছে, য’ত শেহতীয়া আৰু স্মৃতিৰোমন্থন বুলিব পৰা আগৰো বহু কথা প্ৰকাশ কৰিছে।

সাক্ষাৎকাৰটো ৰাষ্ট্ৰীয় কাকতখনৰ ৱেব সংস্কৰণৰ ২০ আগষ্টৰ সংখ্যাত প্ৰকাশ পাইছে।

হাজৰিকা অলপতে ভাৰতলৈ আহি প্ৰয়াত দেউতাক ড০ ভূপেন হাজৰিকাই লাভ কৰা ভাৰত ৰত্ন বঁটা যোৱা ৮ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিছিল।

ভূপেন হাজৰিকাৰ পুত্ৰ হোৱা বাবেই বিভিন্ন সময়ত বিভিন্ন পক্ষই তেজ হাজৰিকাক অবাঞ্ছিত বিতৰ্ক কিছুমানলৈ সততে টানি অনা দেখা গৈছে। তৰা আগৰৱালাই সাক্ষাৎকাৰটোত প্ৰশ্নৰ মাজেৰে এনেকুৱা কেইবাটাও বিতৰ্কৰ মোৰ খুলিছে।

দেউতাকৰ ব্যক্তিত্বৰ প্ৰশস্তিৰে সাক্ষাৎকাৰটোৰ এঠাইত তেজে কৈছে, “তেওঁৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি সমান্তৰাল দূৰত্বৰ জীৱন যাপন কৰিছিলো। কিন্তু তেওঁক সমাধিস্থ কৰাৰ পিছত তেওঁৰ পৃথিৱীয়ে মোক আৱেগ-আলোড়িত কৰি গ’ল”।

“ভাৰত আৰু অসমৰ সৈতে থকা সম্পৰ্কক কেনেকৈ ব্যাখ্যা কৰিব?” এই ধৰণৰ এটা প্ৰশ্নৰ সঁহাৰিত তেজৰ উত্তৰ,-

“মোৰ সম্পৰ্ক আছেই। মোৰ ভাৰতীয় পাছপৰ্ট নাথাকিব পাৰে। কিন্তু জন্মসূত্ৰে মই ভাৰতীয়, একেটা কথাই খাটে অসমৰ ক্ষেত্ৰতো। মই নিজকে অসমীয়া হিচাপে পৰিচয় দিওঁ। থাকোহে দূৰত। যদিও অসমীয়াও খুব কমেই জানো। মোৰ দেউতাই মোৰ দেউতাই অসমখন খুব ভাল পাইছিল, কিন্তু তেওঁ এবাৰো কোৱা নাছিল, ‘তেজ তই কিয় অসমীয়া নিশিক?’, তাৰ পৰিৱৰ্তে মোক সুধিছিল নিউয়ৰ্ক, আমেৰিকা, মোৰ জীৱন –এইবোৰ কথা। তেওঁ এজন প্ৰকৃতাৰ্থত মানৱতাবাদী আছিল, যি সম্প্ৰদায় আৰু সীমাৰ ঊৰ্ধ্বত।”

অলপতে তেজ হাজৰিকাই ভাৰত ৰত্ন বঁটাটো ক’ত থ’লে অসমবাসীক নজনোৱাকৈ আমেৰিকালৈ গুচি গ’ল বুলি ওলোৱা বু-বু-বা-বা আৰু অসমৰ মিডিয়াৰ অনাহক বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, “পূৰ্বে ভাৰত চৰকাৰে দিয়া পদ্ম বিভূষণ বঁটা আৰু বাংলাদেশ চৰকাৰে দিয়া ‘ফ্ৰেণ্ডছ অব বাংলাদেশ’ বঁটা দুয়োটাই গুৱাহাটীৰ কলাক্ষেত্ৰত আছে। এইটোও অসমৰ মানুহে চাব পৰাকৈ ৰাজহুৱা ঠাইত ৰখাৰ বাবে মই ইচ্ছুক। মোক যেতিয়াই চৰকাৰে যোগাযোগ কৰে তেতিয়াই সেইটো কৰা হ’ব।”

তেওঁ শেহতীয়াকৈ অসমত পাঁচ দিন থকাতো চৰকাৰে যোগাযোগ নকৰা বুলি সাক্ষাৎকাৰটোত স্পষ্টকৈ কয় তেজ হাজৰিকাই।

যোৱা ফেব্ৰুৱাৰি মাহত, এটা বিতৰ্ক আছিল এই বুলি যে তেজ হাজৰিকাই দেউতাক ভূপেন হাজৰিকালৈ কেন্দ্ৰীয় চৰকাৰে আগ বঢ়োৱা ভাৰত ৰত্ন অগ্ৰাহ্য কৰিছে। সংবাদ মাধ্যমে ইয়াক কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ ওপৰত নাগৰিকত্ব বিধেয়ক জাপি দিবলৈ ওলোৱাটোকে কাৰণ হিচাপে নিজাকৈ ধাৰণা দাঙি ধৰিছিল।

সাক্ষাৎকাৰটোত তৰা আগৰৱালাই এই কথাটো উনুকিয়াই দিয়ে আৰু তেজে এই কথাটোও ফটফটীয়া কৰি দিয়ে।

“নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ কথাটো মোৰ কাণত পৰিছিলহি। মই শুনিবলৈ পাইছিলো যে চৰকাৰে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি ক্ষতিকৰ এই জনবিৰোধী বিধেয়কখন আনিবলৈ চেষ্টা কৰি আছিল। অসমীয়াৰ কথা আহি পৰাৰ লগে লগে এই বুঢ়া বয়সত মই এজন জাতীয়তাবাদী হৈ পৰিলো। মই অসমীয়া শিকি ডাঙৰ নহ’ব পাৰো, মোৰ দেউতাই এইটো ভাষাতে চিন্তা কৰিছিল, কৈছিল, লিখিছিল। আনকি তেওঁও বিধেয়কখন সমৰ্থন নকৰাৰে পূৰ্ণ সম্ভাৱনা আছিল। যেতিয়াই মই এই মত দাঙি ধৰো, ভাৰত ৰত্ন সম্পৰ্কীয় মন্তব্যটো কাৰোবাৰ দ্বাৰা ভুলকৈ লগাই দিয়া হয় আৰু আজিৰ দিনত বাতৰিৰ ক্ষেত্ৰত যিটো হয় সেইটোৱে হ’ল, ই বিয়পি গ’ল। যি নহওক, বিতৰ্কটো চলি থকাৰ সময়ত মই ভাৰত ৰত্ন গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণেই পোৱা নাছিলো, গতিকে মই কেনেকৈ প্ৰত্যাখ্যান কৰিব পাৰো?” নিজৰ অসমীয়া আৱেগ থকাৰ ইংগিত দি তেজ হাজৰিকাই কয়।

সাক্ষাৎকাৰটোত পুত্ৰ হিচাপে বিখ্যাত দেউতাকৰ সৈতে নিজৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থনৰ উপৰি অসমৰ স্মৃতিৰ সৈতে জড়িত আন বহুতো কথাই কয় ৬৮ বছৰীয়া তেজ হাজৰিকা। নিজৰ কিছুমান সাম্প্ৰতিক পৰিকল্পনাৰ আভাসো সাক্ষাৎকাৰটোৰ মাজেৰে পোহৰলৈ আহে। নিউ য়ৰ্কত Cool Grove Press নামৰ এটা গ্ৰন্থ প্ৰকাশন আৰম্ভ কৰিছে হাজৰিকাই যাৰ এটা শাখা অসমতো স্থাপন কৰা হৈছে।

অসমৰ শাখাটোৱে উত্তৰ-পূব ভাৰতৰ লেখকৰ গ্ৰন্থ প্ৰকাশ কৰিব। অলপতে The Winged Horse নামেৰে তেওঁৰ দেউতাক ভূপেন হাজৰিকাৰ ৭৬টা গীতৰ (চৈয়দ আহমেদ শ্বাহে অনুবাদ কৰা) সংকলন এটা প্ৰকাশ কৰা হ’ব।

অসমৰ মানুহৰ তেওঁৰ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সেই সংযোগৰ বাবেই তেওঁৰ প্ৰতি দেখুওৱা আগ্ৰহ-আন্তৰিকতাকো কৃতজ্ঞতাৰে স্বীকাৰ কৰে হাজৰিকাই।

যোৱা ৮ আগষ্টত দেউতাকে মৰণোত্তৰভাৱে লাভ কৰা ভাৰত ৰত্ন বঁটাটো গ্ৰহণ কৰা অভিজ্ঞতা তেওঁ পৰীৰ সাধুৰ দৰে লগা বুলি কয়।

তেজ হাজৰিকা বৰ্তমান আমেৰিকাৰ ব্ৰুকলিন চহৰত থাকে আৰু তেওঁ আমেৰিকাৰ নাগৰিক।