NORTHEAST NOW (Assamese)

তেজপুৰৰ লেচুলৈ জি আই টেগ

November 7, 2020 10:19 am · এন ই নাও নিউজ

অসমৰ তেজপুৰৰ বিখ্যাত ৰসাল লেচুৱে ভৌগলিক মান্যতা (জি আই টেগ) লাভ কৰিবলৈ সক্ষম হৈছে।

জি আই টেগ লাভ কৰাৰ ফলত এইবিধ ৰসাল ফলে নিজা ঠাইৰ মান্যতা লাভ কৰাৰ লগতে অন্য ঠাইত উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতা থাকিব।

এগ্ৰিকালচাৰেল এণ্ড প্ৰ’চিড ফুড প্ৰ’ডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি(এপিইডিএ)য়ে টুইটাৰৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰে।

তেজপুৰৰ লেচু ইয়াৰ সোৱাদ আৰু আকাৰৰ বাবে অসমত বিখ্যাত।

এই লেচুত ৬০ শতাংশ ৰস, ১৯ শতাংশ গুটি, ১৩ শতাংশ ছাল আৰু ৮ শতাংশ মঙহাল অংশ থাকে।

ইয়াৰ উপৰিও এই লেচু হ’ল ভিটামিন-চি, প্ৰটিন আৰু বিভিন্ন প্ৰকাশৰ দেহৰ বাবে প্ৰয়োজনীয় উপকৰণৰ এক প্ৰধান উৎস।

তেজপুৰৰ লেচুৰ উপৰিও অসমৰ আদা, ভোট জলকীয়া আদিয়েও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল।

Related News