ব্ৰিকচ ৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত আগশাৰীত স্থান তেজপুৰ বিশ্ববিদ্যালয়ৰ

অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। এইবাৰ ‘ব্ৰিকচ’ ৰাষ্ট্ৰসমূহৰ ৪০০ খন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত ১৪৬ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্ববিদ্যালয়খনে।

তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ব্ৰিটিচ হায়াৰ এডুকেশ্বন মাৰ্কেটিং কোম্পানি Quacquarelli Symonds (QS) য়ে ব্ৰাজিল, ৰাচিয়া, ভাৰত, চীন আৰু দক্ষিন আফ্ৰিকাৰ ৪০০ খন কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানক লৈ চলোৱা এক সমীক্ষাত অসমৰ এই উচ্চ শিক্ষানুষ্ঠানখনে ২০১৯ বৰ্ষৰ বাবে এই স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২০১৮ৰ ১৫ অক্টোবৰত ঘোষণা কৰা অনুসৰি এইবাৰ বিশ্ববিদ্যলয়খনৰ এই স্থান পূৰ্বতকৈ আগবাঢ়িছে। যিহেতু ২০১৮ বৰ্ষত তেজপুৰ বিশ্ববিদ্যায়ৰ এই স্থান আছিল ১৭১-১৮০ ৰ ভিতৰত।

আনহাতে একেটা বিবৃতিতে তেজপুৰ বিশ্ববিদ্যালয়ে ভাৰতৰ ৭৫ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৩৬ সংখ্যক স্থানত আছে বুলি উল্লেখ আছে।

বিবৃতিটোত উল্লেখ কৰা মতে আঠটা দিশৰ ওপৰত ভিত্তি কৰি ‘ব্ৰিকচ’ ৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ এই সমীক্ষা চলোৱা হৈছিল। সেই আঠটা দিশ হ’ল ক্ৰমে বিদ্যায়তনিক আৰু নিয়োগকৰ্তা সকলৰ খ্যাতি, অধ্যাপক আৰু ছাত্ৰৰ অনুপাত, প্ৰতিজন অধ্যাপকৰ আলোচনা চক্ৰৰ পেপাৰ, আলোচনা চক্ৰৰ পেপাৰসমূহৰ সুনাম, পি এইচ ডি ডিগ্ৰীধাৰী কৰ্মচাৰী, আন্তৰ্জাতিক পৰ্যায়ৰ অধ্যাপকৰ অনুপাত, আন্তৰ্জাতিক পৰ্যায়ৰ ছাত্ৰৰ অনুপাত ইত্যাদি।

১,২৫,০০০ বিদ্যায়তনিক আৰু নিয়োগকৰ্তাৰ উত্তৰ দ্বাৰা এই সমীক্ষা চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ প্ৰথম ২০ টা স্থানৰ ভিতৰত অষ্টম স্থানত আই আই টি বম্বে, দশম স্থানত ইণ্ডিয়ান ইনষ্টিটিউচ অৱ চায়েন্স-বাংগালোৰ, সপ্তদশ স্থানত আই আই টি মাদ্ৰাছ আৰু অস্তদশ স্থানত আই আই চি দিল্লী আছে।

এই সমীক্ষাত চীনৰ চিংহুৱা বিশ্ববিদ্যালয়ে শীৰ্ষ স্থান দখল কৰিছে। ‘ব্ৰিকচ’ ৰাষ্ট্ৰৰ এই তালিকা থকা ৪০০ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত আছে চীনৰ ১১৩ খন, ৰাচিয়াৰ ১০১ খন, ব্ৰাজিলৰ ৯০ খন, ভাৰতৰ ৮৬ খন আৰু দক্ষিন আফ্ৰিকাৰ ১৩ খন প্ৰতিষ্ঠান।