NORTHEAST NOW (Assamese)

অনলাইন শ্ব’পিঙৰ লীলা! ৪৬ হাজাৰ টকীয়া স্মাৰ্টফোনৰ ঠাইত আহিল চাবোন

November 13, 2023 3:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 13, 2023 2:59 pm

সম্প্ৰতি ডিজিটেল যুগ। গতিকে দোকানত উপস্থিত হৈ দ্ৰব্য সংগ্ৰহ কৰাতকৈ অনলাইন শ্ব’পিঙক অগ্ৰাধিকাৰ দিছে সকলোৱে। বিভিন্ন প্লেটফৰ্মৰ পৰা অনলাইন শ্ব’পিঙৰ জৰিয়তে গ্ৰাহকে ক্ৰয় কৰে প্ৰয়োজনীয় দ্ৰব্য।

পিছে অনলাইন শ্ব’পিং কৰিবলৈ গৈ বিপদত পৰিছে এজন ব্যক্তি। অনলাইন শ্বপিং প্লেটফৰ্মৰ পৰা ৪৬ হাজাৰ টকা মূল্যৰ স্মাৰ্টফোন অৰ্ডাৰ কৰি এতিয়া প্ৰৱঞ্চনাৰ বলি হৈ মূৰে কপালে হাত দিছে এজন যুৱকে।

যুৱকজনে অৰ্ডাৰ দিয়া ৪৬ হাজাৰ টকীয়া মূল্যৰ স্মাৰ্টফোনটোৰ পৰিৱৰ্তে ডেলিভাৰী কৰা পাৰ্চেলত লাভ কৰিছে তিনিডোখৰ চাবোন! এই ঘটনা ঘটিছে মহাৰাষ্ট্ৰৰ থানেত।

ভুক্তভোগী যুৱকজনে এই অভিযোগ তুলি আৰক্ষীৰ কাষ চপা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, যুৱকজনে অনলাইন শ্বপিং পৰ্টেলৰ পৰা ৪৬ হাজাৰ টকা মূল্যৰ আইফোন অৰ্ডাৰ কৰিছিল।

৯ নৱেম্বৰত তেওঁক ডেলিভাৰী কৰা পাৰ্চেলটো লাভ কৰাৰ পিছতে তেওঁ যেতিয়া পাৰ্চেলটো খোলে, তাৰ ভিতৰত তেওঁ মোবাইল ফোনৰ এটা কাৰ্টনত বাচন ধোৱাৰ বাবে ব্যৱহাৰ কৰা তিনিডোখৰ চাবোনহে উদ্ধাৰ কৰে।

এনে প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰ চাপে। এজাহাৰৰ লগতে তেওঁ পাৰ্চেলটোৰ ফটোকপিয়ো দাখিল কৰিছে।

আৰক্ষীয়ে ডেলিভাৰী পাৰ্চেলটোৰ ভিতৰত কোনো দুৰ্বৃত্তই এইদৰে চাবোন কেইটুকুৰা ভৰাই দিয়া বুলি সন্দেহ কৰিছে। অচিনাক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।

Related News