প্ৰথমতে জোৰকৈ মদ্যপান কৰিবলৈ বাধ্য কৰা হ’ল, তাৰ পিছত টানি হোটেলৰ কোঠা এটালৈ লৈ যোৱা হ’ল য’ত চলোৱা হ’ল অকথ্য নিৰ্যাতন। হোটেলৰ কোঠাতে দলবদ্ধ ধৰ্ষণ কৰা হ’ল এগৰাকী যুৱতীক। উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা।
ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যুৱতীগৰাকীয়ে তেওঁৰ বন্ধু আৰু একাংশ লোকে জোৰ-জবৰদস্তি মদ্যপান কৰোৱা বুলি অভিযোগ কৰে। তাৰ পিছত তেওঁক কোঠালৈ লৈ যোৱা হয় আৰু নিৰ্যাতন কৰা হয়। তেওঁ প্ৰতিবাদ কৰাত বেয়াকৈ প্ৰহাৰ কৰা হয়।
লগতে পঢ়কঃ উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত ২৪ ঘন্টা ধৰি আৱদ্ধ ৪০ৰো অধিক শ্ৰমিক; উদ্ধাৰ অভিষান অব্যাহত
আগ্ৰা আৰক্ষীৰ তথ্য অনুসৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ ভিত্তিত চাৰিজন ব্যক্তি আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু প্ৰহাৰৰ অভিযোগ দাখিল কৰা হৈছে। আনহাতে, ভুক্তভোগী যুৱতীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
জানিব পৰা মতে, ভুক্তভোগী যুৱতীগৰাকী সেই হোটেলখনৰে এগৰাকী কৰ্মী। যোৱা ডেৰ বছৰ ধৰি সেই হোটেলখনত কাম কৰি আছে। যুৱতীগৰাকীয়ে তেওঁৰ বন্ধু আৰু একাংশ যুৱকে জোৰ-জবৰদস্তি মদ খোওৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত তেওঁক বলপূৰ্বকভাৱে টানি কোঠাটোলৈ নি তাতেই তেওঁক দলবদ্ধ ধৰ্ষণ কৰে।
লগতে পঢ়কঃ আতচবাজীৰ শব্দ সহ্য কৰিব নোৱাৰে চৰাইয়ে; নীৰৱে দীপাৱলী পালন কৰিছে ৭খন গাঁৱৰ বাসিন্দাই
ছ’চিয়েল মিডিয়াতো এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত এজন লোকে যুৱতীগৰাকীৰ ভৰি দুখন ধৰি কোঠাটোৰ ভিতৰলৈ টানি লৈ যোৱা দেখা গৈছে। যুৱতীগৰাকীয়ে সহায় বিচাৰি চিঞৰি আছিল। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।