আইপিএল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈসকল কোন কোন? জানিবলৈ পঢ়ক….

IPL-1

আজি বৃহস্পতিবাৰে চেন্নাইত সম্পন্ন হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ সংস্কৰণৰ খেলুৱৈৰ নিলাম।

আজি আইপিএলৰ খেলুৱৈ নিলামৰ দিনাই আইপিএলৰ ইতিহাসত সৰ্বাধিক মূল্যত ক্ৰয় কৰা ১০ খেলুৱৈ বিষয়ে আমি প্ৰস্তুত কৰি তুলিছো এক প্ৰতিবেদন।

১. যুৱৰাজ সিং, ১৬ কোটি, দিল্লী ডেয়াৰডেভিলছ ২০১৫

আইপিএলৰ ইতিহাসত সৰ্বাধিক মূল্যৰ খেলুৱৈৰ অভিলেখ এতিয়াও যুৱৰাজ সিঙৰ নামতে অক্ষুণ্ণ আছে। ২০১৫ বৰ্ষত দিল্লী ডেয়াৰডেভিলছে যুৱৰাজ সিঙক ভাৰতীয় মূল্যৰ ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

২. পেট কামিনছ, ১৫.৫ কোটি, কলকতা নাইট ৰাইডাৰ্ছ, ২০২০

অষ্ট্ৰেলিয়ান তাৰকা বেগী বলাৰ পেট কামিনছৰ নাম সৰ্বাধিক মূল্যৰ তালিকাৰ দ্বিতীয় স্থানত লিপিৱদ্ধ হৈ আছে। ২০২০ বৰ্ষত কলকতা নাইট ৰাইডাৰ্ছে পেট কামিনছক ১৫.৫ কোটি টকাত ক্ৰয় কৰিছিল। উল্লেখ্য যে পেট কামিনছে হ’ল বৰ্তমানলৈকে সৰ্বাধিক মূল্যৰ বিদেশী খেলুৱৈ।

৩. বেন ষ্টকছ, ১৪.৫ কোটি, ৰাইজিং পুনে চুপাৰগেইণ্ট, ২০১৭

তৃতীয় স্থানত আছে ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টকছ। ২০১৭ বৰ্ষত ষ্টকছে আইপিএল ইতিহাসৰ নিলামত  সৰ্বাধিক মূল্যৰ বিদেশী ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছিল। অৱশ্যে তেওঁৰ সেই অভিলেখ পৰৱৰ্তী সময়ত পেট কামিনছে ভংগ কৰে।

৪. যুৱৰাজ সিঙ, ১৪ কোটি, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, ২০১৪

২০১৫ বৰ্ষত ১৬ কোটিৰে আইপিএল ইতিহাসৰ সৰ্বাধিক মূল্যৰ ক্ৰিকেটাৰৰ অভিলেখ গঢ়াৰ পূৰ্বে যৱৰাজ সিঙে ২০১৪ বৰ্ষতো আইপিএল ইতিহাসৰ সৰ্বাধিক মূল্যৰ ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ২০১৪ বৰ্ষত ১৪ কোটি টকাৰ বিমিয়মত তেওঁক ক্ৰয় কৰিছিল।

৫. বেন ষ্টকছ, ১২.৫ কোটি, ৰাজস্থান ৰয়েলছ, ২০১৮  

পুনৰ পঞ্চম স্থানত আছে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্টকছ। ২০১৮ বৰ্ষত ৰাজস্থান ৰয়েলছে ১২.৫০ কোটি টকাত ক্ৰয় কৰিছিল বেন ষ্টকছক।

৬. দীনেশ কাৰ্তিক, ১২.৫ কোটি, দিল্লী ডেয়াৰডেভিলছ, ২০১৪

ভাৰতীয় তাৰকা ইউকেট কীপাৰ বেটছমেন দীনেশ কাৰ্তিক এই তালিকাৰ ষষ্ঠ স্থানত আছে। ২০১৪ বৰ্ষত দিল্লী ডেয়াৰডেভিলছে ১২.৫ কোটি টকাত দীনেশ কাৰ্তিকক ক্ৰয় কৰিছিল।

৭. জয়দেৱ উনাড়কট, ১১.৫ কোটি, ৰাজস্থান ৰয়েলছ, ২০১৮

ভাৰতীয় মেডিয়াম পেচাৰ জয়দেৱ উনাড়কট এই তালিকাৰ সপ্তম স্থানত আছে। ২০১৮ বৰ্ষত ১১.৫ কোটি টকাত ৰাজস্থান ৰয়েলছে জয়দেৱক ক্ৰয় কৰিছিল।

৮. গৌতম গম্ভীৰ, ১১.৪ কোটি, কলকতা নাইট ৰাইডাৰ্ছ, ২০১১

২০১১ চনত কলকতা নাইট ৰাইডাৰ্ছে ১১.৪ কোটি টকাত ক্ৰয় কৰা ভাৰতীয় প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে এই তালিকাৰ অষ্টম স্থানত আছে।

৯. কে আৰ ৰাহুল, ১১ কোটি, কিং ইলিভেন্টছ পঞ্জাৱ ২০১৮  

তালিকাৰ নৱম স্থানত আছে ভাৰতীয় যুৱ তাৰকা বেটছমেন তথা অপেনাৰ কে আৰ ৰাহুল। ২০১৮ বৰ্ষত ৰাহুলক কিং ইলিভেন্টছ পঞ্জাৱে ১১ কোটি টকাত ক্ৰয় কৰিছিল।

১০. গ্লেন মেক্সৱেল, ১০.৭৫ কোটি, কিং ইলিভেন্টছ পঞ্জাৱ ২০১৮   

অষ্ট্ৰেলিয়াৰ দুধৰ্ষ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আছে এই তালিকাৰ দশম স্থানত। ২০১৮ বৰ্ষত কিং ইলিভেন্টছ পঞ্জাৱে মেক্সৱেলক ১০.৭৫ কোটি টকাত ক্ৰয় কৰিছিল।