‘দ্য প্ৰমিজ’ৰ বাবে ডেমন গালগুটৰ শিৰত ২০২১ বৰ্ষৰ বুকাৰ বঁটা

Booker Prize 2021

দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটে ২০২১ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছে। বঁটা লাভৰ দৌৰত গালগুটে আন এজন লেখক ৰিচাৰ্ড পাৱাৰছক অতিক্ৰম কৰে।

শেহতীয়া উপন্যাস ‘দ্য প্ৰমিজ’ ৰ বাবে গালগুটে বুকাৰ বঁটা লাভ কৰিছে। তেওঁ ২০০৩ আৰু ২০১০ চনত বুকাৰ বঁটাৰ বাবে মনোনীত হৈছিল যদিও সন্মানীয় পুৰস্কাৰটি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

দক্ষিণ আফ্ৰিকাৰ নাট্যকাৰ আৰু ঔপন্যাসিকজনে ১৭ বছৰ বয়সতে প্ৰথম খন উপন্যাস লিখিছিল আৰু তেওঁৰ অষ্টম কিতাপ আৰ্কটিক চামাৰৰ বাবে ২০১৫ চনৰ চানডে টাইমছ ফিকচন পুৰস্কাৰ লাভ কৰিছিল।

বুকাৰ বঁটা জয়ৰ পিছত স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰি সাহিত্যিকজনে সন্মানীয় বঁটাটি সকলো আফ্ৰিকান লেখকৰ নামত উৎসৰ্গা কৰে।

তেওঁৰ শেহতীয়া উপন্যাস দ্য প্ৰমিজত চাৰি দশকজুৰি দক্ষিণ আফ্ৰিকাৰ এটা বগা কৃষক পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। পৰিয়ালটোৰ মাতৃগৰাকীৰ মৃত্যুৰ পূৰ্বে ইচ্ছা আছিল গোটেই জীৱন পৰিয়ালটোৰ বাবে কাম কৰা কৃষ্ণাঙ্গ মহিলাগৰাকীক এটা ঘৰ উপহাৰ দিয়া। কিন্তু মহিলাগৰাকীৰ সন্তানসকলে তেওঁলোকৰ মাতৃৰ ইচ্ছা অনুসৰণ কৰিব নে নাই তাক লৈ বিৰোধিতা কৰে।

উপন্যাসখনৰ অন্তৰ্নিহিত বিষয়বস্তু সম্পৰ্কে আইৰিছ টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গালগুটে কয়, “মূলতঃ বৰ্ণবৈষম্যৰ মৃত্যু হৈছে আৰু গুচি গৈছে বুলি ধাৰণা কৰা হয়, কিন্তু বৰ্ণবৈষম্য এতিয়াও ইয়াত আছে।”

তেওঁ লগতে কয়, “বৰ্ণবৈষম্যৰ আইন এতিয়া আইনৰ কিতাপত নাই। কিন্তু কাৰ্যকৰীভাৱে অৰ্থনীতিয়ে কম বেছি পৰিমাণে বৰ্ণবৈষম্য জীয়াই ৰাখিছে।”