ভাৰতৰ বিশিষ্ট চিন্তাবিদ গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাকক ২০২৫ চনৰ হোলবাৰ্গ বঁটাৰে সন্মানিত কৰা হৈছে। সাহিত্য তত্ত্ব আৰু দাৰ্শনিক চিন্তাধাৰালৈ তেওঁৰ বৈপ্লৱিক অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।
১৯৪২ চনত কলিকতাত জন্মগ্ৰহণ কৰা স্পিভাক কলিকতা বিশ্ববিদ্যালয় আৰু কৰ্নেল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। বৰ্তমান তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মানৱীয় বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক সাম্প্ৰতিক সময়ৰ অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় বুদ্ধিজীৱী হিচাপে গণ্য কৰা হয়।
তেওঁ তুলনামূলক সাহিত্য, অনুবাদ, উত্তৰ-ঔপনিৱেশিক অধ্যয়ন, ৰাজনৈতিক দৰ্শন আৰু নাৰীবাদী তত্ত্বৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। ১৯৮৮ চনত তেওঁৰ প্ৰবন্ধ সংকলন “Can the Subaltern Speak?”-এ উত্তৰ-ঔপনিৱেশিক অধ্যয়নৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰিছে।
স্পিভাকে তেওঁৰ “ডেথ অৱ এ ডিচিপ্লিন” (২০০৩) নামৰ গ্ৰন্থখনত “গ্ৰহত্ব”ৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল, যিখনক বিশ্বায়নৰ নৈতিক বিকল্প হিচাপে গণ্য কৰা হয়।
তেওঁৰ আন আন গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত আছে “Critique of Postcolonial Reason” (১৯৯৯), “An Aesthetic Education in the Era of Globalization” (২০১২), আৰু “Ethics and Politics in Tagore, Coetzee and Certain Scenes of Teaching” (২০১৮) আদি।
হোলবাৰ্গ কমিটীৰ অধ্যক্ষ হেইকে ক্ৰীগাৰে কয়, “এজন বৌদ্ধিক আৰু সামাজিক কৰ্মী হিচাপে স্পিভাকে পশ্চিম বংগকে ধৰি বিভিন্ন দেশৰ প্ৰান্তীয় গ্ৰাম্য সম্প্ৰদায়ৰ মাজত নিৰক্ষৰতা নিৰ্মূলৰ বাবে কাম কৰিছিল। তেওঁ শিক্ষামূলক পদক্ষেপসমূহ প্ৰতিষ্ঠা কৰিছে, পুঁজি আগবঢ়াইছে আৰু প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছে।
সমিতিখনে আৰু কয়, “তেওঁৰ ‘কৌশলগত প্ৰয়োজনীয়তা’ আৰু ‘গোলকীয় সমালোচনাত্মকতা’ৰ ধাৰণা আজিও ব্যাপকভাৱে ব্যৱহাৰ আৰু আলোচনা কৰা হৈছে।”