মণ্ডল কাননগোৰ অসহযোগ আন্দোলনত অচল বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

IMG-20181011-WA0013

সমগ্ৰ ৰাজ্য জুৰি চলি থকা মণ্ডল কাননগো সকলৰ তৃতীয় পৰ্যায়ৰ অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলন ইতিমধ্যেই আৰম্ভ হৈছে ৷ অসমত ভূমি পুনৰ বন্দৱস্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰা, সদৌ অসম মণ্ডল কাননগো সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰা, মণ্ডল কাননগো সকলক আন্তঃজিলা বদলিকৰণ প্ৰস্তাৱ পুনৰ বিবেচনা কৰা আদিৰ দাবীত নিৰ্ধাৰিত দুটা অসহযোগ আন্দোলনৰ পাছত যোৱা ৯ অক্টোবৰত ৰাজ্যৰ ৰাজহ বিভাগৰ যুটীয়া সচিবৰ লগত হোৱা আলোচনাত কোনো ফলপ্ৰসু সিদ্ধান্ত লাভ নকৰাত মণ্ডল কাননগো সকলে ৯ অক্টোবৰৰ পৰাই অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন আৰম্ভ কৰিছে ৷

বোকাখাততো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গণত মণ্ডল কাননগোসকলৰ অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন চলি আছে ৷ যাৰ ফলত কাৰ্যালয়টোৰ কাম কাজ স্থবিৰ হৈ পৰিছে ৷ ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী আৰু ৰাজহ বিভাগে মণ্ডল কাননগো সকলৰ সমস্যা আৰু দাবীসমূহ পূৰণ নকৰা পৰ্যন্ত তেওঁলোকৰ এই আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে মণ্ডল কাননগোসকলে ৷

জানিব পৰা মতে মণ্ডল কাননগো সকলৰ সকলো দাবী পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰ সাজু আছে যদিও মণ্ডল কাননগো সকলক আন্তঃজিলা বদলিকৰণত চৰকাৰ নাচোৰবান্দা হৈ পৰাত মণ্ডল কাননগো সকলে তৃতীয় পৰ্যায়ৰ অনিৰ্দিষ্ট কালীন অসহযোগ আন্দোলন অব্যাহত ৰাখিবলৈ বাধ্য হোৱা বুলি জনাইছে ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোলৈ অহা সাধাৰণ ৰাইজে জীয়াতু ভোগাৰ লগতে বিমুখ হৈ উভতি যাব লগা হৈছে ৷