আধুনিক ভাৰত নিৰ্মাণত অপৰিসীম অৱদান আগবঢ়োৱা, দেশৰ অন্যতম বৃহৎ উদ্যোগ গোষ্ঠী টাটা গ্ৰুপৰ টাটা ইলেক্ট্ৰনিকছে অসমৰ জাগীৰোডত ৪০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে এক বৃহৎ প্ৰকল্প হাতত লৈছে৷
কৰ্মহীন ৮৫% মহিলাৰ নিযুক্তিৰ লক্ষ্যৰে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া টাটা গ্ৰুপৰ এই সিদ্ধান্তক উম্ম আদৰণি জনাইছে আম আদমি পাৰ্টী অসমে৷
আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আম আদমি পাৰ্টী অসমৰ সভাপতি ডা’ ভবেন চৌধুৰীয়ে কয় যে তথ্য আৰু প্ৰযুক্তি উদ্যোগ সমূহৰ বাবে অসম আটাইতকৈ উপযুক্ত স্থান৷ কুৰি শতিকাৰ শেষৰ ফালে সমগ্ৰ ভাৰতবৰ্ষতেই যি প্ৰযুক্তিৰ উত্থান ঘটিছিল তাৰ সুযোগ অসমে গ্ৰহণ কৰিব পৰা নাছিল যদিও শেহতীয়াকৈ বহু কেইটা আগশাৰীৰ উদ্যোগ অসমলৈ আহিছে৷ এইয়া অসমবাসীৰ বাবে সুখবৰ৷ হাইদৰাবাদ, বেংগালুৰুৰ দৰে ঠাইত প্ৰযুক্তিমূলক উদ্যোগৰ প্ৰসাৰৰ ফলত সেই ঠাই সমূহত শিক্ষিত নিবনুৱাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে ভাৰতবৰ্ষৰ নিবনুৱাৰ হাৰ ১০% লৈ বৃদ্ধি হ’ল৷
ডা০ চৌধুৰীয়ে আৰু উল্লেখ কৰে যে সামাজিক দায়বদ্ধতা থকা বহুজাতিক কোম্পানী সমূহৰ অসম আগমনে কিছু পৰিমাণে হ’লেও নিবনুৱা সমস্যাৰ সমাধানত সহায় হ’ব৷ সেয়ে টাটা গ্ৰুপলৈ থলুৱা নিযুক্তি নিশ্চিত কৰিবলৈ আম আদমি পাৰ্টীয়ে আহ্বান জনাইছে৷