শোণিতপুৰ, ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীক সমৰ্থন কৰক : কংগ্ৰেছক বাৰম্বাৰ আহ্বান আপৰ

দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগতে চাৰিখনকৈ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী ৰণলৈ সাজু হৈছে আম আদমী পাৰ্টি। 

দেওবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়- আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ মুঠ ২২ টা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দিতা কৰিব।  দিল্লীত ৪ খন, পঞ্জাবত ১৩ খন, গুজৰাটত ২ খন, অসমত ২ খন আৰু হাৰিয়ানাত ১ খন আসনত দলে প্ৰতিদ্বন্দিতা কৰিব। 

অসমত পূৰ্বে ৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও দলৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্ত মৰ্মে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে। 

আপে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত সফলতা লাভ কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিব। সংবাদমেলত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দুটা সমষ্টিত আপৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ পুনৰ কংগ্ৰেছ নেতৃত্বক আহ্বান জনায়।  

বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি বিজেপিক পৰাজিত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আহ্বান জনায় ডেকাৰজাই । 

ইতিমধ্যে আম আদমী পাৰ্টিয়ে বিজেপিৰ স্বৈৰতান্ত্ৰিক শাসনৰ বিৰুদ্ধে উন্নয়নৰ সপক্ষে দেশৰ জনসাধাৰণক ৰায় দিবলৈ ব্যাপক প্ৰচাৰাভিযান আৰম্ভ কৰিছে। শেহতীয়া ভাৱে আদালতৰ মজিয়াত ইলেক্টৰেল বণ্ডৰ তথ্য উন্মোচনৰ জৰিয়তে বিজেপিয়ে সংঘটিত কৰা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ফাদিল হৈছে। স্বাধীন ভাৰতৰ সৰ্ববৃহৎ বিত্তীয় অনিয়ম এই চৰকাৰেই সংঘটিত কৰিছে। সেয়েহে অনাগত দিনত বিজেপি দলৰ দুৰ্নীতি মুক্ত শাসন আৰু উন্নয়নৰ নামত দিয়া ভুৱা প্ৰতিশ্ৰুতিত ৰাইজক ভোল নাযাবলৈ আপৰ নেত্ৰী গৰাকীয়ে আহ্বান জনায়। 

দেশবাসীৰ স্বাৰ্থত উন্নয়নৰ সপক্ষে আপক সমৰ্থন জনাবলৈ সংবাদ মেলত আহ্বান জনায় দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । 

আনহাতে, অসমবাসীৰ গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলনক ভ্ৰুক্ষেপ নকৰি ৰাজ্যখনত ‘কা’ বলবৎ কৰাৰ বিৰুদ্ধেও সৰৱ হয় আপ, অসমৰ নেত্ৰীগৰাকী। ‘কা’ বলবৎ কৰাৰ ফলত অসমীয়া ভাষা, সংস্কৃতি সংকটগ্ৰস্ত হ’ব। চৰকাৰৰ এই  অবিবেচক আৰু অগণতান্ত্ৰিক কাণ্ডৰ বিৰুদ্ধে ভোটৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীলৈ আহ্বান জনায় আম আদমী পাৰ্টিয়ে।