বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰিচৰ্যাত সুস্থ হৈ উঠিছে বিষক্ৰিয়াত আক্ৰান্ত ৩১টা শগুন

IMG-20190330-WA0010

আক্ৰান্ত শগুনৰ পৰিচৰ্যা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰত যোৱা ২৯ মাৰ্চত বিষক্ৰিয়াত আক্ৰান্ত ৩১ টা শগুন কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷ গৰুৰ মৃতদেহ ভক্ষণ কৰি প্ৰায় অৰ্ধ শতাধিক শগুনৰ মৃত্যুৰ পাছত মুৰ্মুৰ্ষ অৱস্থাত ৩৪ টা শগুন কেন্দ্ৰটোলৈ অনা হৈছিল ৷

ইয়াৰে এটা শগুন কেন্দ্ৰলৈ আনি থকা সময়ত আৰু ২ টা শগুন কেন্দ্ৰত মৃত্যু হোৱাৰ পাচত ৩১ টা শগুনৰ চিকিৎসা প্ৰদান কৰা হৈছিল কাজিৰঙাৰ এই কেন্দ্ৰটোত ৷

বনবিভাগ আৰু দেশৰ আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত এই বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ নামৰ কেন্দ্ৰত বিগত চাৰিটা দিনত অভিজ্ঞ পশু চিকিৎসক আৰু কৰ্মচাৰীৰ নিৰৱিছিন্ন পৰিচৰ্যাত এতিয়া সুস্থ হৈ উঠিছে এই ৩১টা শগুন ৷

বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পৰিচৰ্যাৰ বাবে ৰখা আক্ৰান্ত শগুনকেইটা। ফটো : নৰ্থইষ্ট নাও

মৰাশ খোৱা বিষক্ৰিয়াত আক্ৰান্ত হিমালয়ান গ্ৰিফন প্ৰজাতিৰ অতি বিৰল এই শগুন কেইটাক এতিয়া পুনৰ ডিমৌৰ সেই নিৰ্দিষ্ট বসতিতে মুকলি কৰি দিব পৰা যাব বুলি জনাইছে কেন্দ্ৰৰ পৰিচালক ড৹ ৰথীন বৰ্মনে ৷  ইয়াৰ বাবে ডিমৌৰ এই শগুন বসতি অঞ্চলত জনসাধাৰণৰ মাজত কিছু সজাগতাৰ প্ৰয়োজন হ’ব বুলিও তেওঁ লগতে জনাইছে ৷

আনহাতে,আৰু এটা দিন পৰ্যবেক্ষণত ৰখাৰ পাছত কেন্দ্ৰৰ এই শগুন কেইটা মুকলি কৰাৰ বাবে সাজু হৈ উঠিব ৷ উল্লেখ্য যে ২৯ মাৰ্চত শিৱসাগৰৰ ডিমৌত মৃত গৰু ভক্ষণ কৰি এই দুষ্প্ৰাপ্য শগুনসমূহ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল।