ক’ৰ’নাৰ শংকা কমিল!, তাজমহলত বৃদ্ধি কৰা হ’ল পৰ্যটকৰ দৈনিক প্ৰৱেশৰ সংখ্যা

তাজমহল

আগ্ৰা জিলা প্ৰশাসনে তাজমহলত দৈনিক দৰ্শনাৰ্থীৰ প্ৰৱেশৰ সংখ্যা বৃদ্ধি কৰিছে।

শেহতীয়াভাৱে আগ্ৰা জিলা প্ৰশাসনে দৈনিক তাজমহলত প্ৰৱেশ কৰিব বিচৰা দৰ্শনাৰ্থীৰ সংখ্যা ১৫,০০০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তাজমহলৰ উপৰিও আগ্ৰা জিলা প্রশাসনে আগ্ৰা দুৰ্গত দৰ্শনাৰ্থীৰ সংখ্যাও দৈনিক ৭৫০০ লৈ বৃদ্ধি কৰে।

দুয়োটা পৰ্যটন স্থান ২১ ছেপ্তেম্বৰৰ পৰা দৰ্শনাৰ্থী সকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছিল।

তাজমহলত দৈনিক ৫০০০ দৰ্শনাৰ্থীক আৰু আগ্ৰা দুৰ্গত ২৫০০ দৰ্শনাৰ্থীক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতত আৰম্ভ হোৱা কোভিডৰ সংক্ৰমণৰ বাবে দেশৰ অন্যান্য পৰ্যটন স্থানৰ লগতে তাজমহলো দৰ্শনাৰ্থী সকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল।

ল’কডাউনৰ পাছত আনল’কত ২১ ছেপ্তেম্বৰত বিশ্বৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থানটো পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে, প্ৰতিবছৰে লাখ লাখ পৰ্যটকে দৰ্শন কৰা পৃথিৱীৰ সপ্তম আশ্বৰ্য্য তাজমহলত চলিত বৰ্ষত কোভিডৰ সংক্ৰমণৰ বাবে পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে।