NORTHEAST NOW (Assamese)

ৰামদেৱক দিয়াৰ নিচিনাকৈয়ে গুৱাহাটীৰ ভূমিহীনক মাটি দিয়াৰ দাবী

September 29, 2018 8:42 pm · অনিৰ্বাণ পাঠক
গুৱাহাটীৰ ভূমিহীনক ভূমিপট্টা প্ৰদান কৰাৰ দাবীত বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চৰ সংবাদমেল।

যোগগুৰু বাবা ৰামদেৱক অসম চৰকাৰে যেনেকৈ ভূমি আৱণ্টন দি পতঞ্জলি উদ্যোগ স্থাপন কৰিবলৈ সুবিধা কৰি দিছে, তেনেকৈ গুৱাহাটীৰ ভূমিহীনকো ভূমিপট্টা প্ৰদান কৰাৰ দাবী জনাইছে বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চই।

শনিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি ঐক্য মঞ্চৰ সভাপতি অমৰজ্যোতি বেজবৰুৱাই কয়, “ৰামদেৱৰ পতঞ্জলি উদ্যোগৰ বাবে অসম চৰকাৰে মাত্ৰ এটকাৰ বিনিময়ত পাঁচ হাজাৰ বিঘা মাটি আৱণ্টন দিছে। সেই একেই পদ্ধতি বা ভূমি নীতিৰ জৰিয়তেই গুৱাহাটীৰ ভূমিহীন প্ৰায় ৮৫ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰিব লাগে।”

তেওঁ লগতে শেহতীয়াভাৱে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই  অসমৰ যিকোনো ঠাইত যদি পৰিয়ালৰ কাৰোবাৰ নামত ম্যাদী মাটি থাকে তেনেক্ষেত্ৰত সেইসকল লোকে গুৱাহাটীত ভূমিৰ আৱণ্টন নাপাব বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰে।

তেওঁ কয় যে গুৱাহাটীত থকা সকলো খিলঞ্জীয়া মানুহৰেই পৰিয়ালৰ কাৰোবাৰ নামত অসমৰ ক’ৰবাত অলপ হ’লেও মাটি ওলাবই। মাজুলী, পলাশবাৰী আদিৰ উদাহৰণ দি তেওঁ কয় যে সেই স্থানত বহু মানুহৰ চৰকাৰী হিচাপত মাটি আছে, কিন্তু সেয়া নদীৰ বুকুত ইতিমধ্যেই জাহ গৈছে।

সংবাদমেলত বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চই পূৰণি প্ৰক্ৰিয়া মতেই গুৱাহাটীৰ ভূমিহীনক ভূমিপট্টা প্ৰদান কৰাৰ দাবী জনায়।

সংগঠনটোৱে লগতে ‘ব্ৰহ্ম কমিটী”ৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰো দাবী জনায়।

একেখন সংবাদ মেলতে ঐক্যমঞ্চই চৰকাৰে গুৱাহাটীক কেৰাচিনমুক্ত কৰাৰ নামত কেৰাচিনৰ যোগান বন্ধ কৰাৰ বাবে লোৱা আঁচনিৰ বিৰোধিতা কৰে।

“সমগ্ৰ গুৱাহাটীৰ সকলো লোকক এশ শতাংশই বিজুলী যোগান ধৰিব নোৱৰাকৈ চৰকাৰে এই সিদ্ধান্ত ল’লে বহু লোক অন্ধকাৰত ডুব যাব লাগিব”, ঐক্যমঞ্চই কয়।

Related News