• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋণৰ বাবদ বেংকে ঘৰ হস্তগত কৰোতে পালে মাৰণাস্ত্ৰ : কয়লা ব্যৱসায়ী নিৰোদ ডেকাই ৰাখিছে আধা ডজন বন্দুক আৰু ৮শ গুলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2018 7:52 pm
Huge cache recovered

দক্ষিণ শৰণীয়াৰ নিৰোদ ডেকাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসমূহ।

501
VIEWS
Share on FacebookShare on Twitter

আজি অৰিয়েণ্টেল বেংকে তেওঁলোকৰ এজন ঋণ গ্ৰাহকে ঋণ ঘূৰাব নোৱৰা বাবে গ্ৰাহকজনৰ গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত থকা ঘৰটো নিজৰ দখললৈ আনিবলৈ প্ৰশাসনৰ সহযোগত চলোৱা অভিযানৰ সময়তে ঘৰটোৰ ভিতৰত ৬টাকৈ বন্দুক আৰু ৭৭০টা সক্ৰিয় গুলী উদ্ধাৰ হোৱা ঘটনাই এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰামতে, বন্দুককেইটা আৰু গুলীসমূহ ঘৰটোৰ এটা কোঠাৰ বিছনাৰ তলত পোৱা গৈছে। এই বন্দুক আৰু গুলীবোৰ ঘৰটোৰ মালিক নিৰোদ ডেকাই ৰখা বুলি জানিবলৈ পোৱা গৈছে। ডেকা এজন কয়লা ব্যৱসায়ী। অভিযানৰ সময়ত উপস্থিত থকা পল্টন বজাৰ আৰক্ষীয়ে বন্দুক আৰু গুলী সমূহ জব্দ কৰাৰ লগতে সোধা-পোছাৰ বাবে নিৰোদ ডেকাকো আটক কৰে।

নৰ্থ-ইষ্ট নাওৰ আগত পল্টন বজাৰ আৰক্ষীয়ে জনোৱামতে, ৬টা বন্দুকৰ ৪টা এয়াৰ গান আৰু আন ২টাৰ এটা পইণ্ট টু-টু আৰু এটা দুনলীয়া (ডবল বেৰেল) বন্দুক। আৰক্ষীয়ে জনোৱা মতে পইণ্ট টু-টু আৰু দুনলীয়া বন্দুককেইটাৰ লাইচেন্স আছে আৰু এয়াৰগানকেইটাৰ লাইচেন্সৰ দৰকাৰ নহয়।

পল্টনবজাৰ থানাৰ উপ-পৰিদৰ্শকজনে জনোৱামতে বন্দুককেইটা আৰু গুলীবোৰ থানাত ৰাখি নিৰোদ ডেকাক ইতিমধ্যে যাবলৈ দিয়া হৈছে। তেওঁ কয়, “সকলো মানুহৰে কিছুমান চখ থাকে। কিছুমানে ল’ৰা-ছোৱালী ভাল পায়। মানুহজনৰ হয়তো বন্দুক ভাল পোৱাৰ চখ আছে।”

উল্লেখযোগ্য যে কয়লা ব্যৱসায়ী নিৰোদ ডেকাই অৰিয়েণ্টেল বেংক অব কমাৰ্চৰ পৰা লোৱা ঋণৰ ৪০ লাখ টকা ঘূৰাই দিবলৈ আছে। কিন্তু যোৱা বহুকেইটা প্ৰয়াসৰ পিছতো ডেকাৰ পৰা ঋণৰ কিস্তি ঘূৰাই নোপোৱাত বেংক কৰ্তৃপক্ষই আজি গুৱাহাটী মেট্ৰ’ৰ উপায়ুক্তৰ পৰা অনুমতি লৈ আৰক্ষী প্ৰশাসনৰ সহযোগত আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত ঘৰটো নিজৰ দখললৈ নিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd