শ’লঠেকত ক্ৰিকেটাৰ মহম্মদ ছামী! আলিপুৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

Mohammed-Shami

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীৰ বিৰুদ্ধে পশ্চিমবংগৰ আলিপুৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

আদালতখনে ক্ৰিকেটাৰ গৰাকীক আত্মসমৰ্পণৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধি দিছে।

মহম্মদ ছামীৰ উপৰি তেওঁৰ ভাতৃ হাছিদ আহমেদৰ বিৰুদ্ধেও জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা।

উল্লেখ্য যে মহম্মদ ছামীৰ পত্নী হাছিন জাহাই ২০১৮ চনতে ছামীৰ বিৰুদ্ধে ঘৰুৱা হিংসা, ধৰ্ষণ, মাৰপিট আৰু হত্যাৰ চেষ্টা চলোৱাৰ দৰে কেইবাটাও গম্ভীৰ আৰোপ লগাইছিল।

কলকাতা আদালতত ছামীৰ তালাকৰ গোচৰ চলি আছে। সেয়ে ক্ৰিকেটাৰ গৰাকীয়ে যদি ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ নকৰে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আদালতে কলকাতা আৰক্ষীক নিৰ্দেশ দিয়ে।

বৰ্তমান ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ খেলি থকা ছামীৰ বিৰুদ্ধে পত্নী হাছিন জাহাই ২০১৮ চনতে গাৰ্হ্যস্থ হিংসাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছতে ছামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ এ ধাৰাৰ অধীনত এটা গোচৰো ৰুজু হৈছিল।

ছামীৰ পত্নীৰ অভিযোগ অনুসৰি ছামীয়ে আদালতত এবাৰো উপস্থিত হোৱা নাই। সেয়ে আদালতে এই নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে নিজ পত্নীয়ে অনা গুৰুতৰ অভিযোগৰ বাবেই কেইবাদিনো দলৰ পৰা বাহিৰ হৈ আছিল।

পাছত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে থকা এই গোচৰৰ পৰা ক্লীনশ্বিট দিয়াতহে তেওঁ পুনৰ ক্ৰিকেটৰ ফিল্ডলৈ ঘূৰি আহে।