• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ই-টেণ্ডাৰিং সন্দৰ্ভত অভিযোগৰ আঙুলি জল সম্পদ ঠিকাদাৰ সন্থাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
September 20, 2018 6:51 pm
IMG_20180920_140041510
150
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই ১৯ ছেপ্টেম্বৰত অভিযোগ কৰিছে যে তেওঁলোকে জল সম্পদ বিভাগৰ পৰা কোনো ই-টেণ্ডাৰিঙৰ জাননী পোৱা নাই।

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থা আৰু ডিব্ৰুগড় সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এই বিষয়ত এখন সংবাদমেলৰ আয়োজন কৰিছে। সংবাদমেলখনত সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাৰ সম্পাদক মুহি বৰগোহাঞিয়ে  জনাইছে, ”বিভাগে কোনো ই-টেণ্ডাৰিং দিয়া নাই আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা কিছু সংখ্যক বৃহৎ ঠিকাদাৰে ডাঙৰ ডাঙৰ ঠিকা লাভ কৰিছে। বিভাগটোত ই-টেণ্ডাৰিঙৰ প্ৰক্ৰিয়াৰ কোনো লিখিত জাননী নাই। আমি যিহেতু কামখিনি সম্পাদন কৰোঁ সেয়েহে বিভাগে আমাৰ সৈতে বিষয়টো আলোচনা কৰা দৰকাৰ।”

উল্লেখ্য যে ১০ ছেপ্টেম্বৰত ডিব্ৰুগৰ জল সম্পদ ঠিকাদাৰ সন্থাই স্বজন-তোষণ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট আৰম্ভ কৰিছিল আৰু ১২ ছেপ্টেম্বৰত ধৰ্মঘট উঠাই লৈছিল।

সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাই বিষয়টোৰ ওপৰত মুখ্য মন্ত্ৰী সোণোৱালৰ হস্তক্ষেপ বিছাৰিছে।

সন্থাৰ সভাপতিগৰাকীয়ে কৈছে যে ১২ ছেপ্টেম্বৰত তাৰিখে জল সম্পদ বিভাগে তেওঁলোকৰ অধিকাংশ দাবীয়েই মানি লৈছিল ‘বিগ পেকেজ’ সম্পৰ্কীয় দাবী অতি শীঘ্ৰেই পূৰণ কৰাৰ লিখিত আশ্বাস দিছিল যদিও আজি পৰ্যন্ত মূল দাবীটো সমাধান কৰাৰ ওপৰত আলোচনা কৰা হোৱা নাই।

বৰগোহাঞিয়ে কৈছে যে বিগ পেকেজ ব্যৱস্থাই সৰু ঠিকাদাৰসকলক সমস্যাত পেলাব।

এনে এটা প্ৰকল্প হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত  মুলুকগাঁৱত ব্ৰহ্মপুত্ৰৰ স্পীল চেনেলসমূহৰ পৰা ‘ভূমি পুনৰুদ্ধাৰ’ৰ আঁচনিৰ  ৪০ লাখ টকীয়া প্ৰকল্পৰ এটা ঠিকা নিয়ম বহিৰ্ভুতভাৱে এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

একেদৰে ৪৬.৯৮ লাখ টকীয়া ৪ কি:মি:ৰ বগীবিল আইথান ৰিঙৰ বান্ধ পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ ঠিকাও টেণ্ডাৰ অবিহনেই ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

আনকি আকস্মিক পুঁজি আঁচনিসমূহো কোনো ই-টেণ্ডাৰিং অবিহনেই কেইজনমান নিৰ্দিষ্ট ঠিকাদাৰক প্ৰদান কৰা হৈছে। ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ব্যক্তিকহে ঠিকাৰ কাম দি অহা হৈছে বুলি সন্থাই অভিযোগ কৰে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd