মোৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন : আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী

আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈ

একাংশ সংবাদ মাধ্যমত PMAY ৰ হিতাধিকাৰীৰ পৰা পইচা লোৱা আৰু এই সংক্ৰান্তত গোচৰ ৰুজু হোৱা বুলি ওলাই থকা খবৰ ভিত্তিহীন বুলি মন্তব্য কৰিছে চিচৰবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী কুলি গগৈয়ে।

ভুৱা বাতৰি সম্প্ৰচাৰিত হৈ থকা প্ৰসংগত তেওঁ কয়, ‍‘দুটামান সংবাদ মাধ্যমত আমাৰ গাঁৱৰ এজন যুৱকৰ লগতে দুগৰাকীমান মহিলাই অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ পৰা মই আৰু মোৰ স্বামীয়ে PMAY ঘৰ দিয়াৰ বাবদ ৮ পৰা ১০ হাজাৰ টকাকৈ লৈছে৷ এইয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন’৷

মোৰ আৰু মোৰ স্বামীৰ বিৰুদ্ধে এইয়া আক্ৰোশ আৰু চক্ৰান্তমূলক নীতি লোৱা বুলি মন্তব্য কৰি পঞ্চায়তৰ দুই এজন লোকে ব্যক্তিগত আষেজ পূৰণৰ বাবে গাঁৱৰ দুগৰাকীমান দুখীয়া মহিলাক প্ৰৰোচিত কৰি মোক দুৰ্নীতিপৰায়ণ সজাবলৈ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰে৷

‘প্ৰকৃত হিতাধিকাৰীয়ে তেওঁলোকৰ নামত অহা ঘৰ লাভ কৰিবই৷ ইয়াত পইচা লোৱাৰ কথা আহিবই নোৱাৰে৷ লগতে হিতাধিকাৰী সকলক কোনেও বঞ্চিত কৰিবও নোৱাৰে’, এইদৰে কয় সভানেত্ৰী গগৈয়ে।

ইয়াৰ উপৰি দুখীয়া লোকৰ পৰা হাজাৰ হাজাৰ টকা লৈ লাখে লাখে টকা ঘটি দুখনকৈ গাড়ী লোৱা বুলি একাংশই প্ৰচাৰ চলোৱা সন্দৰ্ভত কয় যে মই বা মোৰ স্বামীয়ে কোনো গাড়ী লোৱা নাই৷ যাৰ বাবে এই সমস্ত বাৰিষা বৰষুণৰ মাজতে পঞ্চায়তৰ অফিচ, চিলাপথাৰ, ধেমাজিলৈ দিনে অহা-যোৱা কৰাৰ একমাত্ৰ আহিলা হৈছে মোৰ স্বামীয়ে ২০১৮ চনত লোৱা মটৰ চাইকেলখন।

যি দুখন গাড়ীৰ কথা একাংশই লোৱা বুলি মন্তব্য কৰিছে সেয়া তেওঁলোকৰ নহয় বুলিও মন্তব্য কৰিছে সভানেত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত তেওঁ কয়, ‘এখন দাদা দ্বীজেন গগৈৰ পুত্ৰ বিপ্লৱ গগৈয়ে লৈছে আৰু এখন বাইদেউ জ্যোতিৰূপা গগৈৰ৷ এই গাড়ীৰ সৈতে মোৰ আৰু মোৰ স্বামীৰ কোনো সম্পৰ্ক নাই’৷

সভানেত্ৰী গৰাকীয়ে তেওঁ আৰু তেওঁৰ স্বামীয়ে হিতাধিকাৰী বা পঞ্চায়তৰ কোনো লোকৰ পৰা পইচা লোৱাৰ যদি কিবা প্ৰমাণ কাৰোবাৰ লগত আছে তেন্তে তেওঁলোকে আইনৰ কাষ চাপি তেওঁলোকক দোষী সাব্যস্ত কৰিবলৈ প্ৰত্যাহ্বান জনায়।

‘আইনে যি শাস্তি দিয়ে আমি মানি লবলৈ সাজু আছোঁ৷  কোন সঁচা কোন মিচা নজনাকৈ কেৱল একপক্ষীয়ভাৱে টকা লৈছো বা দুৰ্নীতি কৰিছো বুলি মিছা প্ৰচাৰ নচলাব৷ সেইয়া সংবাদ মাধ্যমেই হওক বা ফেইচবুকতে হওক’, এইদৰে স্পষ্টিকৰণ দিয়ে সভানেত্ৰী গগৈয়ে।

দুই এজন লোকে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ ওপৰত ভিত্তি কৰি যদি এনেদৰে জনমানসত হেও প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই থাকে তেন্তে সভানেত্ৰী গৰাকীয়ে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে।

ইফালে সভানেত্ৰীগৰাকীয়ে দুৰ্নীতিত লিপ্ত হৈ বা ভয়ত বিজেপি দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চলা অপপ্ৰচাৰ ভিত্তীহীন বুলিও মন্তব্য কৰিছে।

বিজেপিত যোগদান সন্দৰ্ভত তেওঁ কয়, ‍‘আমাৰ পিছপৰা আমগুৰি পঞ্চায়তৰ যাতে আৰু অধিক উন্নয়ন সাধন কৰিব পাৰোঁ সেই উদ্দেশ্য লৈহে যোগদান কৰিছো৷ আৰু সেইয়া মোৰ পঞ্চায়তবাসী ৰাইজে আগন্তুক দিনত নিজে দেখা পাব’৷

‘লগতে এই কথাও স্পষ্ট কৰো যে মই বিজেপি দলৰ হেচাত পৰি যোগদান কৰা নাই৷ মোৰ এটা ভিডিঅ’ যি ভাইৰেল হৈছে সেইয়া খঙৰ বশবৰ্তি হৈ কৰা মন্তব্যহে৷ তাৰ বাবে মই দুঃখিত৷ মই কাৰ্য্যভাৰ লোৱাৰ দিন ধৰি মোৰ পঞ্চায়তত বিভিন্ন আঁচনিৰ ক’ত কিমান কাম কৰিছো লগতে আগন্তুক দিনত কি কি হ’ব সেই সকলো কাম পঞ্চায়তবাসীয়ে নিজ চকুৰে দেখিছে বা দেখিব লগতে ফেইচবুকৰ জৰিয়তেও জনাই যাম’, এইদৰে কয় সভানেত্ৰী গৰাকীয়ে।