• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাই পাকিস্থানী উচ্চায়ুক্তৰ সৈতে দিয়া গৌৰৱ গগৈৰ ফটো সন্দৰ্ভত স্পষ্টীকৰণ দাবী প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 9:20 pm
500
VIEWS
Share on FacebookShare on Twitter

‘যোৱা কেইদিনত চিংগাপুৰৰ পৰাই সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৭/৮ টা টুইট কৰি অভিযোগ অনাৰ আৰম্ভ কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া উভতি আহিয়েই গুৱাহাটীৰ পৰা এইবাৰ সামাজিক মাধ্যম আৰু ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে । আমি তেওঁক আদৰণী জনাইছো।

কিন্ত্ত, মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আৰু তেওঁৰ নিত্য-নতুন কল্প কাহিনীৰ উত্তৰ দিয়াৰ পূৰ্বে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওলোটাই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি কোন উৎসৰ পৰা পাকিস্তানী উচ্চায়ুক্ত আৰু  সাংসদ গগৈৰ সহিতে ছাত্ৰ-ছাত্ৰীসকল বহি থকা ফটোখন লাভ কৰিছিল ? যাৰ ওপৰত ভিত্তি কৰি আপুনি সাংসদ গগৈক  জবাবদিহি কৰিব বিচাৰিছে ? ইয়াৰ ভিত্তি কি ?

কোনে আপোনাক এই ফটোৰ যোগান ধৰিছিল ? নে আপোনাৰ নিৰ্দেশতেই এনেদৰে ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল ?এই কথা আপুনি অসমবাসী ৰাইজক স্পষ্টকৈ জনাব পাৰিবনে ? তেতিয়াই অসমৰ ৰাইজে প্ৰকৃত সত্য উন্মোচন কৰিব পাৰিব।

কাৰণ,আমি দৃঢ়তাৰে ক’ব পাৰো যে আপুনি সামাজিক মাধ্যমত প্ৰচাৰ কৰা উক্ত ফটোখনেই ভূৱা বা মূল ফটোখনৰ পৰিবৰ্তন কৰা ফটো। যাক ইংৰাজীত Morph বা বিকৃত কৰা বুলিও ক’ব পাৰি।সাংসদ গগৈৰ ভাবমুৰ্তি ম্লান কৰাৰ ই আপোনাৰ এক সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত আৰু সু-পৰিকল্পিত ষড়যন্ত্ৰ ।  ইয়াৰ সপক্ষত আমি দুটা প্ৰমাণ ৰাইজৰ সন্মুখত তলত দাঙি ধৰিলো :-

১) সাংসদ গগৈয়ে ইতিমধ্যেই কৈছে যে বিশ্বৰ বিভিন্ন দেশৰ দিল্লীস্হ  উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূত সকলক সাক্ষাৎ কৰি Series of Lecture বা মত-বিনিময়ৰ কাৰ্যসূচীৰ অংশস্বৰুপে ২০১৫ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তৰ সৈতে Youth Forum on Foreign Policy ৰ সদস্য ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ  মত বিনিময় অনুষ্ঠানত উপস্হিত আছিল।

 এই কাৰ্যসূচীৰ এটি বাতৰি ৰাষ্ট্ৰীয় সংবাদ পত্ৰ The Hindu ত ফটোসহ প্ৰকাশ হৈছিল। ফটোখনৰ image ID হৈছে 166416353.  লক্ষণীয় ভাবে এই ফটোখনত উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে থকা বেনাৰখনত লিখা আছে – PAKISTAN HIGH COMMISSION, LECTURE SERIES,NEW DELHI .

২) ঠিক তেনেদৰে YFFP ৰ নিজা Facebook page তো তেওঁলোকে উক্ত কাৰ্যসূচীৰ ফটো ১০ চেপ্তেম্বৰ ২০১৫ তাৰিখে আপলোড কৰিছিল। সেইসমূহ ফটো চালেও দেখিব যে পাকিস্হানী উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে বেনাৰখনত লিখা আছে PAKISTAN HIGH COMMISSION, LECTURE SERIES,NEW DELHI .

আনহাতেদি, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা ফটোখনত দেখিব যে বেনাৰখনত মাথো লিখা আছে PAKISTAN HIGH COMMISSION, NEW DELHI বুলিহে । মাজত থকা LECTURE SERIES শাৰীটো নাই। আচৰিত কথা নহয় নে ? কোনোবাই morph বা edit নকৰিলে সেই শাৰীতো হেৰাই যোৱাৰ প্ৰশ্নই নুঠে। আমি সাধাৰণ মানুহ, Technical কথা ইমান বুজি নাপাঁও। তথাপি,এই যুক্তিতেই আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্হা গ্ৰহণ কৰিব নালাগে নে ?

এতিয়া লাখটকীয়া প্ৰশ্নটো হ‘ল যে এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পোৱা আৰু অনুষ্ঠানটোৰ আয়োজনৰ সৈতে জড়িত YFFP এ ২০১৫ চনতে নিজৰ অফিচিয়েল সামাজিক মাধ্যমত দিয়া ফটোবিলাক অসমৰ ৰাইজে  বিশ্বাস কৰিব, নে মুখ্যমন্ত্ৰীয়ে উদ্দেশ্যে প্ৰণোদিত ভাবে সামাজিক মাধ্যমত প্ৰচাৰ কৰা ফটোখন বিশ্বাস কৰিব ?

সেয়েহে,মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছো যে আনক প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰথমে আপুনি ফটোখন লাভ কৰা উৎসতো ৰাজহুৱা কৰক। এইয়া আপোনাৰ উদ্দেশ্যে প্ৰণোদিত সুপৰিকল্পিত ষড়যন্ত্ৰ নে আপোনাকো গুজৰাটী Peddlar এ টুপী(?) পিন্ধালে ? আপুনি ইয়াৰ স্পষ্টীকৰণ দিয়ক ,তাৰ পাছতহে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ যুক্তি আছে বুলি অনুভৱ কৰো।

Don’t Underestimate the Intelligence of the Assamese People.’

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd