• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Shillong Teer

হিমন্ত বিশ্ব শৰ্মাই পাকিস্থানী উচ্চায়ুক্তৰ সৈতে দিয়া গৌৰৱ গগৈৰ ফটো সন্দৰ্ভত স্পষ্টীকৰণ দাবী প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 9:20 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘যোৱা কেইদিনত চিংগাপুৰৰ পৰাই সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৭/৮ টা টুইট কৰি অভিযোগ অনাৰ আৰম্ভ কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া উভতি আহিয়েই গুৱাহাটীৰ পৰা এইবাৰ সামাজিক মাধ্যম আৰু ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে । আমি তেওঁক আদৰণী জনাইছো।

কিন্ত্ত, মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আৰু তেওঁৰ নিত্য-নতুন কল্প কাহিনীৰ উত্তৰ দিয়াৰ পূৰ্বে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওলোটাই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি কোন উৎসৰ পৰা পাকিস্তানী উচ্চায়ুক্ত আৰু  সাংসদ গগৈৰ সহিতে ছাত্ৰ-ছাত্ৰীসকল বহি থকা ফটোখন লাভ কৰিছিল ? যাৰ ওপৰত ভিত্তি কৰি আপুনি সাংসদ গগৈক  জবাবদিহি কৰিব বিচাৰিছে ? ইয়াৰ ভিত্তি কি ?

Apply Now

কোনে আপোনাক এই ফটোৰ যোগান ধৰিছিল ? নে আপোনাৰ নিৰ্দেশতেই এনেদৰে ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল ?এই কথা আপুনি অসমবাসী ৰাইজক স্পষ্টকৈ জনাব পাৰিবনে ? তেতিয়াই অসমৰ ৰাইজে প্ৰকৃত সত্য উন্মোচন কৰিব পাৰিব।

কাৰণ,আমি দৃঢ়তাৰে ক’ব পাৰো যে আপুনি সামাজিক মাধ্যমত প্ৰচাৰ কৰা উক্ত ফটোখনেই ভূৱা বা মূল ফটোখনৰ পৰিবৰ্তন কৰা ফটো। যাক ইংৰাজীত Morph বা বিকৃত কৰা বুলিও ক’ব পাৰি।সাংসদ গগৈৰ ভাবমুৰ্তি ম্লান কৰাৰ ই আপোনাৰ এক সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত আৰু সু-পৰিকল্পিত ষড়যন্ত্ৰ ।  ইয়াৰ সপক্ষত আমি দুটা প্ৰমাণ ৰাইজৰ সন্মুখত তলত দাঙি ধৰিলো :-

১) সাংসদ গগৈয়ে ইতিমধ্যেই কৈছে যে বিশ্বৰ বিভিন্ন দেশৰ দিল্লীস্হ  উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূত সকলক সাক্ষাৎ কৰি Series of Lecture বা মত-বিনিময়ৰ কাৰ্যসূচীৰ অংশস্বৰুপে ২০১৫ চনৰ ৯ চেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তৰ সৈতে Youth Forum on Foreign Policy ৰ সদস্য ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ  মত বিনিময় অনুষ্ঠানত উপস্হিত আছিল।

 এই কাৰ্যসূচীৰ এটি বাতৰি ৰাষ্ট্ৰীয় সংবাদ পত্ৰ The Hindu ত ফটোসহ প্ৰকাশ হৈছিল। ফটোখনৰ image ID হৈছে 166416353.  লক্ষণীয় ভাবে এই ফটোখনত উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে থকা বেনাৰখনত লিখা আছে – PAKISTAN HIGH COMMISSION, LECTURE SERIES,NEW DELHI .

২) ঠিক তেনেদৰে YFFP ৰ নিজা Facebook page তো তেওঁলোকে উক্ত কাৰ্যসূচীৰ ফটো ১০ চেপ্তেম্বৰ ২০১৫ তাৰিখে আপলোড কৰিছিল। সেইসমূহ ফটো চালেও দেখিব যে পাকিস্হানী উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে বেনাৰখনত লিখা আছে PAKISTAN HIGH COMMISSION, LECTURE SERIES,NEW DELHI .

আনহাতেদি, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা ফটোখনত দেখিব যে বেনাৰখনত মাথো লিখা আছে PAKISTAN HIGH COMMISSION, NEW DELHI বুলিহে । মাজত থকা LECTURE SERIES শাৰীটো নাই। আচৰিত কথা নহয় নে ? কোনোবাই morph বা edit নকৰিলে সেই শাৰীতো হেৰাই যোৱাৰ প্ৰশ্নই নুঠে। আমি সাধাৰণ মানুহ, Technical কথা ইমান বুজি নাপাঁও। তথাপি,এই যুক্তিতেই আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্হা গ্ৰহণ কৰিব নালাগে নে ?

এতিয়া লাখটকীয়া প্ৰশ্নটো হ‘ল যে এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশ পোৱা আৰু অনুষ্ঠানটোৰ আয়োজনৰ সৈতে জড়িত YFFP এ ২০১৫ চনতে নিজৰ অফিচিয়েল সামাজিক মাধ্যমত দিয়া ফটোবিলাক অসমৰ ৰাইজে  বিশ্বাস কৰিব, নে মুখ্যমন্ত্ৰীয়ে উদ্দেশ্যে প্ৰণোদিত ভাবে সামাজিক মাধ্যমত প্ৰচাৰ কৰা ফটোখন বিশ্বাস কৰিব ?

সেয়েহে,মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছো যে আনক প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰথমে আপুনি ফটোখন লাভ কৰা উৎসতো ৰাজহুৱা কৰক। এইয়া আপোনাৰ উদ্দেশ্যে প্ৰণোদিত সুপৰিকল্পিত ষড়যন্ত্ৰ নে আপোনাকো গুজৰাটী Peddlar এ টুপী(?) পিন্ধালে ? আপুনি ইয়াৰ স্পষ্টীকৰণ দিয়ক ,তাৰ পাছতহে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ যুক্তি আছে বুলি অনুভৱ কৰো।

Don’t Underestimate the Intelligence of the Assamese People.’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd