• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2025 9:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ উচ্ছেদ অভিযানৰ প্ৰতি মিশ্ৰিত প্ৰতিক্ৰিয়া  দেখিবলৈ পোৱা গৈছে। তেনে পৰিস্থিতিত তিনিচুকীয়া জিলাৰ তাকাম মিছিং পোৰিন কেবাং (টিএমপিকে) আৰু মিছিং মিমাগ কেবাং (এমএমকে) ডিগবৈ সংমণ্ডলৰ লেখাপানী বনাঞ্চলৰ ভিতৰত থকা পাহাৰপুৰলৈ ৪১২টা লাইকা পৰিয়ালক স্থানান্তৰিতকৰণত পলম হোৱাত উদ্বিগ্ন হৈ পৰিছে সাধাৰণ ৰাইজকে ধৰি দল সংগঠনসমূহ।

তিনিচুকীয়া জিলাৰ লেখাপানী বনাঞ্চলৰ ভিতৰত অৱস্থিত পাহাৰপুৰত ৫৭২টা লাইকা পৰিয়ালৰ ভিতৰত ১৬০টা পৰিয়ালক নামফাই টাপুত প্ৰায় ৭২ হেক্টৰ ভূমিত পুনৰ্বাসন কৰা হৈছে। কিন্তু বাকী ৪১২টা পৰিয়াল এতিয়াও পাহাৰপুৰত ১৬৬ হেক্টৰ নিৰ্ধাৰিত ভূমিত স্থানান্তৰৰ অপেক্ষাত আছে। তাকাম মিছিং পৰিন কেবাং (টিএমপিকে)ৰ প্ৰাক্তন উপ-সভাপতি মিণ্টু ৰাজ মৰঙে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে এই পৰিয়ালসমূহৰ পুনৰ্বাসনত ব্যৰ্থ হৈছে।

Apply Now

মিছিং মিমাগ কেবাং (এমএমকে)ৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য মৰাঙে কয়, “পুনৰ্বাসন প্ৰক্ৰিয়া পলমকৈ আৰু অসম্পূৰ্ণভাৱে চলিছে, যাৰ ফলত বহু পৰিয়াল অস্থায়ী শিবিৰত জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে।” তেওঁ চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰৰ অধীনৰ ভূমি হ’লেও বন বিভাগে স্থানান্তৰত কিয় আগবাঢ়িব পৰা নাই, আৰু এই বিষয়ত সম্ভাৱ্য দুৰ্নীতিৰ ইংগিত বহন কৰিছে বুলি মত প্ৰকাশ কৰিছে।

বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পাহাৰপুৰৰ ১৬৬ হেক্টৰ ভূমি দশক দশক  ধৰি চাহ খেতিৰ বাবে বেদখল হৈ আছে। ২০২৩ চনৰ জুন মাহত বিশেষ মুখ্য সচিব (বন) এম কে যাদৱে এই অঞ্চল পৰিদৰ্শন কৰি বেদখলৰ পৰিস্থিতিৰ মূল্যায়ন কৰিছিল। সূত্ৰই জানিবলৈ দিয়া মতে, বেদখলকৰা ভূমি মুক্ত কৰাত বন বিভাগৰ ব্যৰ্থতাৰ বাবেই বিগত চাৰি বছৰ ধৰি স্থানান্তৰ প্ৰক্ৰিয়া স্থবিৰ হৈ আছে।

ইফালে, নগা সম্প্ৰদায়ৰ কেইবাটাও জনজাতীয় ছাত্ৰ সংগঠন আৰু স্থানীয় সংগঠনে ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ নিয়মৰ উল্লেখ কৰি পাহাৰপুৰত লাইকা পৰিয়ালৰ পুনৰ্বাসনৰ তীব্ৰ বিৰোধিতা কৰিছে। এনে পুনৰ্বাসনে সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিব, সম্প্ৰদায়ৰ মাজত সংঘাতৰ সৃষ্টি কৰিব আৰু ভূমি আৰু বন নিয়মৰ উলংঘন কৰিব বুলি আশংকা প্ৰকাশ কৰিছে।

ইফালে ২০২৩ চনৰ অক্টোবৰত টাংছা, ছেমা, সোণোৱাল কছাৰী আদি সংগঠনে পাহাৰপুৰত উন্নয়নমূলক প্ৰকল্পৰ বাবে চৰকাৰৰ ই-টেণ্ডাৰক জনগোষ্ঠীয় ভূমিৰ অধিকাৰৰ অৱজ্ঞা বুলি গণ্য কৰি তীব্ৰ সমালোচনা কৰিছিল আৰু ইয়াক বাতিল কৰাৰ দাবী জনাইছিল।

এই বিষয়ত কিছুমান সংগঠনে পুনৰ্বাসনক অধিকাৰভিত্তিক বিষয় হিচাপে সমৰ্থন কৰিলেও, নগা জনজাতীয় গোট আৰু ছাত্ৰ সংগঠনসমূহে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। অসম চৰকাৰে এই বিৰোধৰ মাজত ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব নে নাই, সেয়া লক্ষনীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd