বিপদত পৰিছে বাবা ৰামদেৱ। ‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপন গোচৰত বিপদত পৰিছে যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণ। কেৰালাৰ এখন আদালতে দুয়োৰে বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ নিৰ্দেশ দিছে।
পতঞ্জলি ঔষধৰ বিজ্ঞাপনত বিভ্ৰান্তি বিয়পাই দিয়াৰ অভিযোগত কেৰালাৰ পলাক্কাড আদালতত গোচৰ চলি আছে।
পলাক্কাডৰ আদালতে ৰামদেৱ আৰু বালকৃষ্ণক তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা অপৰাধমূলক গোচৰত ১ ফেব্ৰুৱাৰীত আদালতৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু দুয়োৰে কোনোৱেই আদালতত উপস্থিত নহ’ল।
ইয়াৰ পিছতে আদালতে দুয়োৰে বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে। অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেৰালাৰ আদালতত ৰামদেৱ আৰু বালকৃষ্ণক হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে ।
দেশৰ বিভিন্ন প্ৰান্তত ৰামদেৱ, বালকৃষ্ণ আৰু পতঞ্জলিৰ বিৰুদ্ধে ‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপন আৰু এলোপেথিক ঔষধৰ বিষয়ে ‘মিছা কথা’ প্ৰচাৰৰ অভিযোগত গোচৰ চলি আছে। কেৱল কেৰালাৰ বিভিন্ন আদালতত ৰামদেৱৰ বিৰুদ্ধে কমেও এক ডজন গোচৰ আছে। ইয়াৰ পূৰ্বেও কেইবাখনো আদালতত ৰামদেৱক সমালোচনা কৰা হৈছিল। আনকি শাস্তিও লাভ কৰিছিল পতঞ্জলীয়ে।
ইয়াৰ পূৰ্বে ৰামদেৱে বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিবলগীয়া হৈছিল। আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে পতঞ্জলিয়ে মুঠ ৬৭খন কাকতত বিভিন্ন ভাষাত জাননী প্ৰকাশ কৰি ক্ষমা খুজিবলগীয়া হৈছিল। ইয়াৰ বাবে মুঠ ১০ লাখ টকা খৰচ হৈছিল।