NORTHEAST NOW (Assamese)

বন বিষয়াৰ ৰদ-বদল : ৮ বিষয়াৰ কৰ্মস্থান সলালে অসম চৰকাৰে

September 17, 2024 10:43 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শেহতীয়াকৈ অসমৰ বন বিভাগত বন বিষয়াৰ বৃহৎ ৰদ-বদল কৰিছে অসম চৰকাৰ তথা বন বিভাগে। ধাৰাবাহিকভাবে অসম চৰকাৰে কেইবাজনো জ্যেষ্ঠ বন বিষয়াক সালসলনি কৰিছে।

চৰকাৰ এই পৰিৱৰ্তনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ লগতে জনসেৱাত অধিক সক্ৰিয়তা অৱলম্বন কৰা।

জানিব পৰা মতে, গুৱাহাটীৰ কামৰূপ পূৱ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) ৰোহিনী বল্লভ শইকীয়াক প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ কাৰ্যালয়সংযুক্ত বন সংৰক্ষক উপ-বন সংৰক্ষক হিচাপে বদলি কৰা হৈছে।

ইফালে, উপ-বন সংৰক্ষক (প্ৰচাৰ বিভাগ) বিষয়া গোলাপ কুমাৰ বণিয়াক বাকছা বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) হিচাপে নিযুক্তি দিয়া হৈছে।

বাকছা বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ৰঞ্জিত কোঁৱৰক প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ কাৰ্যালয়লৈ উপ-বন সংৰক্ষক (প্ৰচাৰ বিভাগ) হিচাপে বদলি কৰা হৈছে।

বামুনীগাঁৱৰ কামৰূপ পশ্চিম সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ডিম্পি বৰাক জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সঞ্চালক মনোজ কুমাৰ গোস্বামীক লখিমপুৰ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) হিচাপে বদলি কৰা হৈছে।

লখিমপুৰ সংমণ্ডলৰ সংমণ্ডল বন বিষয়া অশোক দেৱ চৌধুৰীক কামৰূপ পূৱ সংমণ্ডলৰ ডি এফ অ’লৈ বদলি কৰা হৈছে।

প্ৰধান বন কাৰ্যালয়ৰ উপ বন সংৰক্ষক  শ্বেৰিধৰ ৰেড্ডীমানস বাঘ্ৰ্য সংৰক্ষিত বনাঞ্চলৰ উপ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে, মানস বাঘ্ৰ্য সংৰক্ষিত বনাঞ্চলৰ উপ সঞ্চালক সুবোধ তালুকদাৰক বদলি কৰি কামৰূপ পশ্চিম সংমণ্ডল, বামুনীগাঁওৰ সংমণ্ডল বন বিষয়া হিচাপে পদবী কৰা হৈছে।

Related News