• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাগা বিদ্ৰোহৰ পটভূমি আৰু ইতিহাস, শান্তি-আলোচনা আৰু সংশয়

শিৱজিত দত্ত by শিৱজিত দত্ত
November 6, 2019 2:06 pm
NSCN IM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পটভূমি

নাগাপাহাৰ ব্ৰিটিছৰ অধীনলৈ যায় ১৮৮১ চনত আৰু নগা সম্প্ৰদায়ৰ শ শ জনজাতিৰ প্ৰতিনিধিত্ব কৰা নগা ক্লাবৰ জন্ম হয় ১৯১৮ চনত। এই ক্লাবেই ১৯৪৬ চনত নাগা নেশ্যনেল কাউঞ্চিল (চমুকৈ NNC) গঠন কৰে, যি পিছলৈ হৈ পৰে নাগাসকলৰ মুক্তিসংগ্ৰামৰ পুৰোহিত। ইয়াৰেই নেতা আংগামী জাপু ফিজোই নাগালেণ্ডক ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰে। কোৱা হয় যে ১৯৫২ চনত নগা ফেডাৰেল চৰকাৰ আৰু নগা ফেডাৰেল আৰ্মি (NFG)গঠন কৰোতে ফিজোৱে জনমত গ্ৰহণ কৰিছিল। এই চৰকাৰ আৰু সৈন্যবাহিনী ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি মত পোষণ কৰি ১৯৫৮ চনত ভাৰত চৰকাৰে নাগাভূমিলৈ সেনা পঠায়  আৰু Armed Forces (Special Power) Act লাগু কৰে।

সত্তৰৰ দশকত NNC আৰু NFG-য়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শ্বিলং চুক্তিত স্বাক্ষৰ কৰে আৰু অস্ত্ৰ সম্বৰণ কৰিবলৈ সন্মতি দিয়ে। ১৯৮০ চনত NNC-ৰ পৰা একাংশ সদস্য ফাটি আহি NSCN গঠন কৰে। থুইংগালেং মুইভা, ইছাক চিচি চ্যু আৰু এছ এছ খাপলাং এওঁলোকৰ ভিতৰত প্ৰধান। এওঁলোকৰ নেতৃত্বত NNC-ৰ পৰা ফাটি অহা ১৪০জন সদস্যই শ্বিলং চুক্তি নমনাৰ কথা ঘোষণা কৰে আৰু তাৰ পিছতেই নাগাভূমিত হিংসাৰ বনজুই বিয়পি পৰে।

পিছলৈ NSCN দ্বিধাবিভক্ত হৈ ইছাক-মুইভা গোট আৰু খাপলাং গোটত পৰিণত হয়। প্ৰথম গোটটোৱে মাও জে ডঙৰ বিপ্লৱৰ আৰ্হিত বৃ্হত্তৰ নাগালিমৰ পোষকতা কৰে আৰু দ্বিতীয় গোটে জনগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত নগা অধ্যুষিত সকলো অঞ্চল সামৰি এক বৃ্হত্তৰ নাগালিম নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰে।

এই দুই গোটৰ সক্ৰিয়তাই উত্তৰ-পূব ভাৰতত অভাৱনীয় হিংসাৰ পৰিৱেশ ৰচনা কৰে।

শান্তি-আলোচনাৰ উকমুকনি

১৯৯৭ চনত ইছাক-মুইভা গোটে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক শান্তি-চুক্তিত স্বাক্ষৰ কৰে। সেই চুক্তিমতে নগা-সমস্যাৰ সমাধানকল্পে আলোচনা আৰম্ভ হয় আৰু দুয়োপক্ষই অস্ত্ৰ প্ৰয়োগৰ পৰা বিৰত হয়। পিছলৈ সেই আলোচনা প্ৰক্ৰিয়া গেঁঠেলা মাৰে। ২০১৫ চনত শান্তি-আলোচনাই আকৌ পোখা মেলে– ইছাক-মুইভা গোটৰ সৈতে মোদী চৰকাৰে এক ফেমৱৰ্ক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি আলোচনাৰ প্ৰক্ৰিয়া আগ বাঢ়িবলৈ ধৰে। সৰ্বমুঠ প্ৰায় ৮০খন বৈঠক অনুষ্ঠিত হয়। অনুক্ৰমে সাৰ্বভৌম নাগালিমৰ প্ৰশ্নত আৰু আন ৰাজ্যৰ নাগা অধ্যুষিত অঞ্চল নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰশ্নত ইছাক-মুইভা গোট কোমল হৈ আহিব ধৰে। ইতিমধ্যে ২০১৬ চনত ইছাক আৰু ২০১৭ চনত খাপলাঙৰ মৃত্যু হয়। খাপলাং নেতৃত্বাধীন গোটৰ সক্ৰিয়তা কমি আহে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ পক্ষৰ মূল আলোচক হিচাপে নাগালেণ্ডৰ ৰাজ্যপাল আৰ্ এন্ ৰবিক দায়িত্ব দি তিনিমাহৰ ভিতৰত অৰ্থাৎ ৩১ অক্টোবৰৰ ভিতৰত আলোচনাৰ মোখনি মৰাৰ বাবে সময়সীমা বান্ধি দিছিল। সেইমতে আলোচনা হৈ গ’ল আৰু তাৰ ফলাফলক লৈ কেৱল উত্তৰ-পূবেই নহয় সমগ্ৰ ভাৰতেই আজি উৎকণ্ঠিত।

আলোচনাৰ বিষয়

সাৰ্বভৌম নাগালিমৰ দাবী আজি আৰু আলোচনাৰ বিষয় হৈ থকা নাই। শেহতীয়ালানি আলোচনাৰ ঘাই বিষয় আছিল তিনিটা : নাগা অধ্যুষিত অঞ্চলবোৰ সামৰি বৃ্হত্তৰ নাগালিমৰ প্ৰস্তাৱ, নাগাসকলৰ বাবে সুকীয়া সংবিধান আৰু সুকীয়া নাগা পতাকা। Armed Forces (Special Power) Act প্ৰত্যাহাৰ, প্ৰব্ৰজনৰ ফলত জনগাঁথনিৰ পৰিৱৰ্তন আদি আছিল অন্যান্য বিষয়।

আলোচনাৰ ফল

এই বহু প্ৰতীক্ষিত শান্তি-আলোচনাৰ অন্তত পৰিৱেশ হৈ পৰিছে খুবেই ধূসৰ আৰু অনিশ্চয়তাৰে ভৰা। তাৰ কাৰণ এই যে আলোচনাত ভাগ লোৱা পক্ষ দুটাৰ ফালৰ পৰা নানা পৰস্পৰ-বিপৰীত কথা ৰাজহুৱা কৰি থকা হৈছে। NSCN (IM)-ৰ ফালৰ পৰা কোৱা হৈছে সুকীয়া নগা পতাকা আৰু পৃথক সংবিধানৰ বিষয়ত স্থিতাৱস্থাৰ অৱ্সান হৈছে। তাৰ বিপৰীতে, কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে কৈছে যে এইবোৰ প্ৰশ্নত উভয় পক্ষ এটা মতত উপনীত হোৱা নাই। নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিয়’ই টুইট কৰি “ঐতিহাসিক শুভ আৰম্ভণিৰ বাবে আলোচনাত ভাগ লোৱা সকলোকে গভীৰ প্ৰশংসা” কৰিছে আৰু “এই ঐতিহাসিক মুহূৰ্ত নাগাৰ বাবে আৰু জাতিৰ বাবে মহানন্দৰ বিষয়” বুলি প্ৰকাশ কৰিছে। পিছে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আলোচনাত কেতবোৰ সিদ্ধান্ত চূড়ান্ত কৰা বুলি প্ৰচাৰ হোৱা বাতৰি আচলতে উৰাবাতৰিহে; চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে মণিপুৰ, অসম আৰু অৰুণাচলৰ সৈতে আলোচনা কৰা হ’ব আৰু এই তিনি ৰাজ্যৰ আশংকাবোৰক গুৰুত্ব দিয়া হ’ব।

কিন্তু, চূড়ান্ত সিদ্ধান্ত নহ’লেও আলোচ্য বিষয়বোৰত আলোচনাই যে অগ্ৰগতি লাভ কৰিছে সেইকথা খাটাং। কি সেই অগ্ৰগতি? টাইমছ অব ইণ্ডিয়াকে ধৰি বিভিন্ন প্ৰচাৰ মাধ্যমত ওলাইছে যে পৃথক সংবিধানৰ প্ৰশ্নটোৰ সদ্যহতে একো সমাধান উলিওৱা হোৱা নাই, কিন্তু চৰকাৰে হেনো ৰাজনৈতিকভাৱে আৰু গণতান্ত্ৰিকভাৱে পিছলৈ তাৰ সমাধান কৰিব বুলি প্ৰকাশ কৰিছে। নাগা পতাকা সম্পৰ্কে হেনো চৰকাৰৰ স্থিতি এই যে সাংস্কৃতিক বা অন্য তেনে ক্ষেত্ৰত নাগা পতাকা ব্যৱহাৰ কৰিব পাৰিব, কিন্তু চৰকাৰী কাম-কাজত সেই পতাকা ব্যৱহৃত নহয়। তৃতীয় প্ৰশ্নটো অৰ্থাৎ বৃ্হত্তৰ নাগালিমৰ প্ৰশ্নটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ। এই প্ৰশ্নৰ সৈতে জড়িত আছে অসম, মণিপুৰ আৰু অৰুণাচলৰো স্বাৰ্থ। এই বিষয়ে দুটা কথা ওলাইছে। এক, এই তিনি ৰাজ্যৰ নাগা অধ্যুষিত অঞ্চলবোৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তিনিওখন ৰাজ্যৰ সমৰ্থন আদায়ৰ দায়িত্ব কেন্দ্ৰই নলৈ সেই দায়িত্ব হেনো NSCN (IM)-ৰ হাতত এৰি দিছে। কাৰণ ৰাজ্যসমূহৰ অখণ্ডতাত আঘাত দিয়াৰ কাম কেন্দ্ৰই নিজে কৰিব নোখোজে। NSCN (IM)-এ যদি এইক্ষেত্ৰত তিনিও ৰাজ্যৰ সহমৰ্মিতা আদায় কৰিব পাৰে কৰক। সংবাদ মাধ্যমত ওলোৱা দ্বিতীয় কথাটো এই যে তিনিও ৰাজ্যৰ নাগা অধ্যুষিত অঞ্চলবোৰক হেনো Satellite Territorial Council-ত পৰিণত কৰা হ’ব আৰু তাৰ কিছু কিছু শাসন চলাব দুই তৰপীয়া এখন নাগা সংসদে।

উদ্বিগ্নতাৰ কাৰণ

এই কথাবোৰৰ সত্যাসত্য নিৰূপণ কৰিব পৰা পৰিস্থিতি হোৱা নাই এথোন। কিন্তু, এই শান্তি-চুক্তিৰ সৈতে যিহেতু আমাৰ ৰাজ্যৰো স্বাৰ্থ জড়িত আছে সেয়ে আমি কথাখিনি আমাৰ ধৰণে আকৌ এবাৰ জুকিয়াই চাওঁ। নাগা পতাকাৰ প্ৰশ্নটো নিতান্তই প্ৰতীকী – সি সিমান গুৰুত্বপূৰ্ণ নহয়। কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি নিয়া কেন্দ্ৰই নাগাসকলক পৃথক সংবিধান দিব বুলি ভাবিবই নোৱাৰি। সেয়ে নাগাসকলে যদি সাৰ্থক বুলি ভাবিব পৰা কিবা পাব লাগে, সেয়া হৈছে বৃ্হত্তৰ নাগালিম – যি ৰূপতে নহওক বাৰু। তিনিও ৰাজ্যৰ নাগা অধ্যুষিত অঞ্চলবোৰক Satellite Territorial Council-ত পৰিণত কৰিব খোজাটো যদি সঁচা, সিও মূৰকত ৰাজ্যকেইখনৰ অখণ্ডতাৰ প্ৰতি ভাবুকিলৈ ৰূপান্তৰিত হোৱাৰ আশংকা আছে।

উদাহৰণস্বৰূপে, মণিপুৰত মেইতেই, কুকি আৰু নাগা জনগোষ্ঠীৰ মানুহৰ সংখ্যাধিক্য আছে। প্ৰত্যেকেই জনগোষ্ঠীয় গৃ্হভূমিৰ দাবী কৰি আহিছে। নাগালিমে মণিপুৰী নাগাসকলৰ বসতিৰ এলেকাকো সামৰি ল’লে মুঠ ৬খন জিলা তাৰ অন্তৰ্ভুক্ত হৈ পৰিব। সেই এলেকাবোৰক Satellite Territorial Council-ত পৰিণত কৰিলেও প্ৰশাসনিক জটিলতাৰ সৃষ্টি হ’ব আৰু পিছলৈ ৰাজ্যখনৰ অখণ্ডতাৰ প্ৰতিও ভাবুকি অহাৰ সম্ভাৱনা থাকিব। একে সমস্যা হ’ব অসমৰো, অৰুণাচলৰো। সেয়ে এই তিনি ৰাজ্যৰ নাগৰিক খুব সতৰ্ক হৈ থাকিব লাগিব।

১ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোদী হৰ্নবিল মেলা উপলক্ষে নাগালেণ্ডলৈ অহাৰ কথা। আশা কৰা হৈছে তাতেই মোদীয়ে এই আলোচনা প্ৰসংগত কেন্দ্ৰৰ সিদ্ধান্ত বেকত কৰিব। শান্তি-আলোচনাই উত্তৰ-পূবলৈ শান্তিৰ পূৰ্ণিমা নে অস্থিৰতাৰ অমানিশা কঢ়িয়াই আনে সেয়া হয়তো তেতিয়াহে স্পষ্ট হৈ পৰিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইল : [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd